নগাঁওঃ আজি নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ। নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত অসমীয়া যুৱক দুজনৰ হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হয়।
বুধবাৰেও অৱশ্যে সম্পূৰ্ণ নহ’ল তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্য গ্ৰহণ। আদালতত তদন্তকাৰী আৰক্ষী বিষয়াক প্ৰায় চাৰি ঘণ্টা জেৰা কৰে বিপক্ষৰ অধিবক্তাগৰাকীয়ে।
ইফালে, আদালতৰ সময়ৰ অন্ত পৰাত পুনৰ শুনানিৰ দিন ধার্য্য কৰা হৈছে। পুনৰ বিপক্ষৰ অধিবক্তাৰ জেৰা সন্মুখীন হ’ব তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ।
আগন্তুক জুলাই মাহৰ ভিতৰত সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হ’ব বুলি আশাবাদী নীল আৰু অভিৰ পৰিয়াল। উল্লেখ্য যে, বিগত চাৰি বছৰ ন্যায়ৰ অপেক্ষাত আছে নীল-অভিৰ পৰিয়াল।
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক।