তামুলপুৰ : বুধবাৰে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ উপস্থিতিত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান আৰু সধাৰন সম্পাদক বুবুল আলীয়ে ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত হোজাইৰ কাকীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত চলোৱা উচ্ছেদ অভিযানক অন্যায় আৰু অমানবীয় আখ্যা দিয়ে। এবিএমছুয়ে উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি তামুলপুৰ মহকুমাৰ মহকুমাধিপতি গৰাকীৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
যি সময়ত অসম চৰকাৰে ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰি মনুহক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে, ঠিক সেই সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক ন্যায়সংগত নহয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে এবিএমছুয়ে। ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি উচ্ছেদিত লোক সকলে আশ্ৰয় পোৱাতো মৌলিক অধিকাৰৰ ভিতৰত পৰে বুলি স্মাৰক প্ৰত্ৰত উল্লেখ কৰি হোজাইৰ কাকীত ৫০ বছৰতকৈ অধিক কাল বসবাস কৰা ৭৪ টা পৰিয়ালক ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত উচ্ছেদ চলোৱা কাৰ্যক অতি অমানৱীয় হিচাপে আখ্যা দিয়ে এবিএমছুৱে।
লগতে পঢ়ক : ক’ভিড টীকাকৰণৰ প্ৰমাণপত্ৰত বিংসগতি আছে নেকি? শুধৰাব পাৰিব
স্মাৰক পত্ৰৰ জৰিয়তে উচ্ছেদিত নাগৰিক সকলক অনতি পলমে পুনৰ সংস্থাপন দিয়াৰ লগতে সেই সকল নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ যোগে অনুৰোধ জনাইছে এবিএমছুয়ে।