নিউজ ডেস্কঃ আজি মিচিং জনগোষ্ঠীৰ পবিত্ৰ আলি-আঃয়ে-লৃগাং উৎসৱ। ৰাজ্যজুৰি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখলেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।

আহকচোন জানোঁ এই উৎসৱৰ বিষয়ে কিছু কথা –

কৃষিজীৱি মিচিং লোকসকলে আজি পৰম্পৰা অনুসৰি শস্য ৰোপণ অথবা বীজ সিঁচাৰ উৎসৱ আলি-আঃয়ে-লৃগাং পালন কৰে। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং এই  উৎসৱ পালন কৰা হয়।

মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন।

আজি দিনটোৰ পৰাই মিচিং লোকসকলে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে।

উৎসৱৰ দিনটোত সকলো মিচিং জনগোষ্ঠীয় লোকসকলে মিলি ইষ্ট দেৱতাক পূজা কৰে।

এই উৎসৱত পৰম্পৰাগত খাদ্য খোৱাও ৰীতি আছে। পূৰ্বতে আলি-আঃয়ে-লৃগঙৰ দিনা ‘কিঃৰুগ’ (চিকাৰ কৰি আনি শুকুৱাই ৰখা মাংস) খাইছিল যদিও বৰ্তমান চিকাৰ কৰা ৰীতি এতিয়া বিলুপ্ত হৈছে। ইয়াৰ উপৰিও মুখ্য খাদ্য হিচাপে টোপোলা ভাত (পোৰাং), ছাই মদ (পঃৰ আপং), শুকান মাছ(ঙচান), গাহৰি মাংস আদি খাই।

ভোজৰ পিছতেই মিচিং ডেকা-গাভৰুয়ে ঢোলৰ ছেৱে ছেৱে ঐনিতম গাই গুমৰাগ নৃত্য কৰে। ভোজৰ পাছতেই সকলোৱে মিলি “গুমৰাগ চঃমান” ত ভাগ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply