এবছুৰ চেনিটাইজেছন কাৰ্যসূচী

সোণাৰিত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ আহ্বানত আজিৰেপৰা আৰম্ভ হৈছে শিক্ষানুষ্ঠানত চেনিটাইজেছন কাৰ্যসূচী। বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত থকা শিক্ষানুষ্ঠান সমূহত কৰা হৈছে এই কাৰ্যসূচী।

আজি এবছুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন কৰা হয় চেনিটাইজেছন। ইয়াৰ উপৰিও বৰ্তমান বন্ধ হৈ থকা বিদ্যালয়সমূহৰ ভিতৰ আৰু বাহিৰ সম্পূৰ্ণ ৰূপে পৰিষ্কাৰ কৰে জিলা এবছুৰ সদস্যসকলে |

জিলাখনৰ ২২ খনকৈ বিদ্যালয়ত এই কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে। সেয়েহে শিক্ষানুষ্ঠানসমূহত শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বেই চেনিটাইজেছন কাৰ্যসূচী গ্ৰহণ কৰিছে এবছুৱে।

লগতে পঢ়ক এইবাৰ পঞ্চায়ত সচিবৰ বিৰুদ্ধে চৰকাৰী ঘৰৰ নামত ধন সংগ্ৰহৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply