নিউজ ডেস্ক : মঙলবাৰে গুৱাহাটীৰ মাৰোৱাৰী হস্পিটালত বহু প্ৰতিক্ষিত একাডেমিক এণ্ড ৰিচাৰ্চ ৱিং উদ্ধোধন কৰা হয়। মাৰোৱাৰী হস্পিটালৰ সভাপতি শংকৰ লাল গোৱেংকাই ইয়াৰ উদ্ধোধন কৰে।

ইয়াৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী হস্পিটালৰ পঞ্চম মহলাত প্ৰজেষ্টৰৰ সুবিধা থকা দুটা শ্ৰেণীকক্ষ, এশখন আসনযুক্ত এটা অডিঅ’-ভিজুৱেল ৰিচাৰ্চ এণ্ড একাডেমিক প্ৰেক্ষাগৃহ, এটা লাইব্ৰেৰী  স্থাপন কৰা হয়।

উদ্ধোধনী ভাষণত শংকৰ লাল গোৱেংকাই জনোৱা মতে প্ৰতিষ্ঠানটোৱে প্ৰসূতিবিদ্যা আৰু স্ত্ৰীৰোগ-চিকিৎসাবিদ্যা (Obstetrics & Gynaecology – DGO) আৰু NBE & Family Medicine বিষয়ত প’ষ্ট এম বি বি এছ পাঠ্যক্ৰমৰ বাবে National Board of Examinations ৰ পৰা স্বীকৃতিৰ বাবে আৱেদন কৰিছে।

ইয়াৰ উপৰি একাডেমিক এণ্ড ৰিচাৰ্চ ৱিঙৰ অধীনত হস্পিটালখনে এক ৪ মহীয়া আগশাৰীৰ ক’ভিড কৰ্মীৰ ক্ৰেছ ক’ৰ্ছ আৰম্ভ কৰাৰ কথাও গোৱেংকাই জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে ক’ভিডৰ তৃতীয় ঢৌৰ কথা মনত ৰাখি দক্ষ ক’ভিড যোদ্ধা তৈয়াৰ কৰাৰ উদ্দেশ্যৰে এই ক’ৰ্ছ প্ৰবৰ্তন কৰা হৈছে।

লগতে পঢ়ক : বিহাৰলৈ গৈ সন্ধানহীন ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply