ৰূপহীহাট : লাওঁখোৱাৰ ১৩ মাইলত উদণ্ড গাড়ী চালকৰ দৌৰাত্ম। হাতত চোকা অস্ত্ৰ লৈ ৰাইজক প্ৰাণে মৰাৰ ভাবুকি গাড়ী চালকৰ। ঘটনাক কেন্দ্ৰ কৰি লাওঁখোৱাত তীব্ৰ চাঞ্চল্য।

বুধবাৰে নিশা নগাঁও জিলাৰ লাওঁখোৱাৰ শিঙীমাৰিৰ ১৩ মাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত একেলগে তিনিখন বাহনৰ ক্ষতি সাধন হয়। পথ দুর্ঘটনাৰ পিছতে ঘটনাস্থলীত একাংশ স্থানীয় ৰাইজে জমা হয়।

জানিব পৰা মতে ইয়াৰ পিছতে এখন গাড়ীৰ চালকে হাতত চোকা অস্ত্ৰ লৈ স্থানীয় ৰাইজক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ কৰে।

লগতে পঢ়ক : আন্ত:জিলা বন্ধ হৈ থকাৰ মাজত কেনেদৰে চলিছে বাছসমূহ

দুর্ঘটনাত পতিত হোৱা গাড়ী তিনিখনৰ নম্বৰ হৈছে ক্ৰমে এ এছ-২১-চি-৫১৭৯, এএছ-০২-এচি-৮০৮৮ আৰু এএছ-০২-বি চি-৬৫২১। ঘটনাস্থলীত ৰূপহীহাটৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply