বকো : বকোত ভয়ংকৰ পথ দুর্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘর্ষ। থিতাতে নিহত এগৰাকী মহিলা। চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে দুজন লোক।

কামৰূপ জিলাৰ বকোত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। নিশা ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘর্ষত তিনিজনকৈ লোকৰ মৃত্যু হয়।

বকোৰ বন্দাপাৰাত ৰোগী কঢ়িওৱা টাটা ছুম আৰু সামগ্ৰী কঢ়িওৱা এখন বাহনৰ মাজত হোৱা মুখামুখি সংঘর্ষত এগৰাকী মহিলা থিতাতে নিহত হয়। আহত দুজন লোকক ধুপধৰা প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

লগতে পঢ়ক : Airtel-ৰ পিছত বৃদ্ধি কৰা হ’ল Vodafone Idea-ৰ প্ৰি পেইড পে’কৰ দাম

পথ দুর্ঘটনাত থিতাতে নিহত হোৱা মহিলা গৰাকী যোগীঘোপাৰ চলন্তপাৰাৰ ৰুকচানা আহমেদ বুলি জানিব পৰা গৈছে। আনহাতে নিহত আন দুজন লোক হৈছে টাটা ছুম’ৰ চালক চামচুল আলম আৰু মাহমুদ আলম। দুয়োৰে ঘৰ গোৱালপাৰাৰ লক্ষীপুৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply