গুৱাহাটী : নিশাৰ ৰাজপথত সুৰামত্ত যুৱতীৰ তীব্ৰবেগী বাহনৰ তাণ্ডৱ। সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জনকৈ শ্ৰমিকক। এজন শ্ৰমিকৰ দুয়োখন ভৰি ছিঙি গৈছে।

মহানগৰী গুৱাহাটীৰ ৰাজপথত নিশাৰ ভাগত ৰাজত্ব চলে সুৰামত্ত যুৱক-যুৱতীৰ তীব্ৰবেগী বাহনৰ। সুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতীৰ বাহনে নিশাৰ ভাগত মহতিয়াই নিয়ে ৯ জনকৈ শ্ৰমিকক। নিশা গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংঘটিত হয় ভয়ংকৰ ঘটনা।

সুৰামত্ত যুৱতীৰ এএছ-০১-এজি-২১৯৪ নম্বৰৰ বাহনে মহতিয়াই নিয়া শ্ৰমিক সকল লোক নিৰ্মাণ বিভাগৰ বুলি জানিব পৰা গৈছে। সুৰামত্ত যুৱতীগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ বাহনতো খুন্দা মাৰে। আটাইকেইজন আহত শ্ৰমিক জি এম চি এইছত চিকিৎসাধীন।

লগতে পঢ়ক : পৰ্যটকৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

এই ভয়াবহ পথ দুৰ্ঘটনাত এজন শ্ৰমিকৰ দুয়োখন ভৰি ছিঙি যোৱা বুলিও জানিব পৰা গৈছে। নিশাই ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply