মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি পুনৰ পথ দুৰ্ঘটনা এগৰাকী মহিলাৰ মৃত্যু হয়। পিবি-১১বি ইউ-৫৪০৯ নম্বৰৰ ১৬ চকীয়া ট্ৰেইলাৰৰ খুণ্ডাত নিহত হয় এগৰাকী মহিলা।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ইণ্ডিয়া ক্লাবৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণি মতে, ট্ৰেইলাৰ গাড়ীখনে মাৰ্ঘেৰিটাৰ পৰা বৰগোলাই অভিমুখে স্কুটিৰে আহি থকা ৰাজু গুৰুং আৰু সৰিতা গুৰুং নামৰ দম্পতীক মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ।

একাংশ যুৱকে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা গাড়ীখন খেদি নি কিছু দুৰত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে। অৱশ্যে গাড়ীৰ চালক হেণ্ডিমেন পলায়ন কৰে।

কালিৰ দিনটোতো মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচৰ সমীপত অন্য এক পথ দুৰ্ঘটনাত ডিগবৈ বৰবিলৰ সুমন দত্ত নামৰ ব্যক্তিজনৰ মৃত্যু হৈছিল। অন্যহাতে আজি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰ গাড়ীখনে কয়লা সৰবৰাহ কৰিবলৈ আহিছিল।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অন্যহাতে কালি দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰঙা ৰঙৰ গাড়ীখন আৰু চালকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নায়।

লগতে পঢ়ক- অসম সাহিত্য সভাৰ এইবাৰৰ অধিবেশন অনুষ্ঠিত নহয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply