সোণাৰি : সোণাৰিত আজি ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। ধোদৰ আলিৰ ওপৰত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত বিছজনৰো অধিক যাত্ৰী গুৰতৰভাৱে আহত হয়। সোণাৰিৰ নাফুক চাহ বাগিচা আৰু অভয়পুৰ তিনিআলিৰ মাজত সংঘটিত হ’ল এই দুৰ্ঘটনাটো।
তথ্য অনুসৰি AS 33 C0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী AS 04 E 0272 নম্বৰৰ বাছখনত সন্মুখৰপৰা খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। আজি আবেলি চাৰে তিনি বজাত সংঘটিত দুৰ্ঘটনাৰ ফলত আঢ়ৈ বছৰীয়া শিশুসহ বিছজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
স্থানীয় ৰাইজৰ তৎপৰতাত আহতসকলক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় লগে লগেই। ইফালে দূৰ্ঘটনাত পতিত হোৱা ডাম্পাৰ খনৰ চালকজন বহু সময় ধৰি চালকৰ আসনতে আৱদ্ধ হৈ থকাত সোণাৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰত প্ৰায় এক ঘণ্টাৰ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনাৰ ফলত দুই বছৰীয়া শিশু পংকু চেত্ৰী, আঠ বছৰীয়া প্ৰণৱ চেত্ৰীৰ লগতে হিতেশ্বৰ বড়া, কমল চেত্ৰী (বোকাখাট), চন্দ্ৰ চেতিয়া, ইছমাইল আলি, ইদ্ৰিছ আলি, চেলিনা বেগম, স্বপ্না চেত্ৰী, তৰুণ নেছা, ডাম্পাৰৰ চালক অৰ্জুন নেৱাৰ দূৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয়।
লগতে পঢ়ক-পাৰ্বত্য জিলাৰ পৌৰকৰ্মীৰ অভাব অভিযোগক লৈ চৰকাৰৰ মুঠেও গুৰুত্ব নাই