গুৱাহাটী : নিশা মহানগৰী গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। উৰণীয়া সেঁতুত খুন্দা মাৰি ৰাজপথৰ ওপৰত বাগৰি পৰে এখন ট্ৰাক।
এখন পানী ভৰ্তি ট্ৰাকে গণেশগুৰি উৰণীয়া সেঁতুত খুন্দা মাৰি ৰাজপথৰ ওপৰত বাগৰি পৰে। পানী ভৰ্তি ট্ৰাকখনৰ খুন্দাত উৰণীয়া সেঁতুৰ তোৰণখন বাগৰি পৰে।
লগতে পঢ়ক : গুৱাহাটীৰ ৰাজ ভৱনত ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তী উন্মোচন
দুর্ঘটনাটোত গণেশগুৰি উৰণীয় সেঁতুৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়। ইফালে দুর্ঘটনা সংঘটিত কৰাৰ পিছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।