লখিমপুৰ : লখিমপুৰৰ ৰঙাজানত চাঞ্চল্যকৰ ঘটনা। শোৱাপাটীতে দুগৰাকী মহিলাক দুৰ্বৃত্তৰ এচিডআক্ৰমণ। গুৰুতৰভাৱে আহত ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ মহিলা দুগৰাকী।

ৰেহেনা বেগম নামৰ মহিলা গৰাকীৰ স্বামী ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। ১০ বছৰ পূৰ্বে ৰেহেনা বেগমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল ইছলাম। বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনা বেগমক শাৰিৰীকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামী ৰফিকুল ইছলামে।

আনকি ৩ মাহ পূৰ্বে ৰফিকুল ইছলামে মৰিয়াই-মৰিয়াই ৰেহেনা বেগমৰ হত ভাঙিছিল। ইয়াৰ পিছৰে পৰা মাতৃৰ গৃহতে আছিল ৰেহেনা বেগম। দেওবাৰে পৰিয়ালৰ এজন ঘৰলৈ ফুৰিবলৈ গৈছিল ৰেহেনা বেগম নামৰ মহিলা গৰাকী। দেওবাৰে মাজ নিশা ঘৰৰ দুৱাৰ কাটি শোৱাপাটিতে ৰেহেনা বেগম আৰু অন্য এগৰাকী মহিলাৰ শৰীৰত এচিডেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।

লগতে পঢ়ক  :  সোণাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ

নিশাই দুয়ো গৰাকী মহিলাক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে দুয়ো গৰাকী মহিলাক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছৰে পৰা ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলাম পলাতক অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply