বৰেণ্য ৰঞ্জন বৰঠাকুৰ

শোণিতপুৰৰ ঠেলামৰাৰ ৰাজহ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক ৩ দিনৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ জিম্মালৈ প্ৰেৰণ কৰিছে CJM আদালতে । তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ৪ দিনৰ বাবে জিম্মাত বিচাৰিছিল বৰঠাকুৰক।

ৰাজ্যত দালালৰাজ উৎখাত কৰিবৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা কঠোৰ স্থিতিৰ সময়তে এইবাৰ দালালগিৰি কৰাৰ অভিযোগত শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ৰাজহ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক গ্রেপ্তাৰ কৰে অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই৷


যোৱা ২৭ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ ভঙাগড়ত ৫০ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা ঠেলামৰাৰ লাটমণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা গুৱাহাটীৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

চৰকাৰে প্ৰস্তুত কৰা মাটিৰ দালালৰ তালিকাৰ পৰা দালালৰ নাম কৰ্তনৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল গুলজাৰ হুছেইন। এজন দালালৰ পৰা ধন নিবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল লাট মণ্ডল গুলজাৰ হুছেইন। গুলজাৰৰ গ্ৰেপ্তাৰৰ সময়তে এই কাৰ্যত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ জৰিত বুলিও চৰ্চা হৈছিল। গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চক্ৰ বিষয়া বৰঠাকুৰক। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা ভিজিলেন্স এণ্ড এণ্টী কৰাপচন ৰ দলে গ্ৰেপ্তাৰ কৰে বৰঠাকুৰক।

লগতে পঢ়ক-ৰেভ পাৰ্টিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান

বৰেণ্য ৰঞ্জন বৰঠাকুৰ, বৰঠাকুৰ  IAS Academy ৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে গুৱাহাটীৰ বৰঠাকুৰ Borthakurs JEE & NEET Academyৰো প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া। ২০১৮ চনত অসম লোক সেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত ALRS পৰীক্ষাত বৰঠাকুৰে শীৰ্ষস্থান দখল কৰিছিল।
উল্লেখ্য যে, বৰঠাকুৰ হৈছে প্ৰাক্তন আইএএছ বিষয়া দিলীপ বৰঠাকুৰৰ পুত্ৰ। ২০১৭চনত অসম সমাজ কল্যাণ বিভাগৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বৰেণ্যৰ পিতৃ প্ৰাক্তন IAS বিষয়া দিলীপ বৰঠাকুৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply