নিউজ ডেস্ক: উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হ’ল এচিএছ বিষয়া নন্দিতা কোঁৱৰ৷ আজি বিশেষ ন্যায়াধীশৰ আদালতে শাস্তি বিহিলে নন্দিতাক৷ বিষয়াগৰাকীক শাস্তি হিচাপে চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে আদালতে৷
ইপিনে আন এটা ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ হুকুমো দিয়ে নন্দিতাক৷
উল্লেখ্য যে, DRDA ৰ প্ৰকল্প সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নন্দিতা কোঁৱৰে এগৰাকী ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোতে আটক কৰিছিল বিষয়াগৰাকীক।
কামৰূপ মহানগৰ জিলাৰ ডিআৰডিএৰ প্ৰকল্প সঞ্চালক হিচাপে থকা সময়তে যোৱা ২০১৫চনৰ অক্টোবৰত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
নন্দিতা কোঁৱৰে মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০টকা উৎকোচ লৈছিল।
বিষয়াগৰাকীক দুৰ্নীতি নিবাৰণ আইন (চি পি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কোঁৱৰৰ কন্যা হৈছে নন্দিতা কোঁৱৰ।
গ্ৰেপ্তাৰৰ সময়ত DRDA ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। বৰ্তমান নন্দিতা কোঁৱৰ চৰকাৰী ছপাশালত উপ-সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল৷