গুৱাহাটী : পুনৰ অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎসবিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এচিএছ বিষয়া ছইবৰ ৰহমানক৷ ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত ছইবৰ ৰহমান নামৰ এচিএছ বিষয়াগৰাকীয়ে নামে বেনামে সীমাহীন সম্পত্তি গঢ়ি তুলিছিল৷ ২০০২ চনৰ পৰা ২০২১ চনৰ ভিতৰত ছইবৰ ৰহমানে নিজৰ লগতে দুগৰাকী পত্নীৰ নামত মুঠ ৮৯ টা স্থানত ভূ-সম্পত্তি ক্ৰয় কৰিছিল৷
এচিএছ বিষয়া ছইবৰ ৰহমানে ক্ৰয় কৰা এই ভূমিৰ মুল্য ১০০ কৌটিতকৈও অধিক হ’ব বুলি জানিব পৰা গৈছে৷ ইয়াৰ লগতে ছইবৰ ৰহমানৰ ৬ কৌটিতকৈও অধিক মূল্যৰ অস্থাবৰ সম্পত্তিৰ তথ্য অনুসন্ধানৰ সময়ত পোহৰলৈ আহিছে৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে মঙলবাৰে দুপৰীয়া ২ বজাত এচিএছ বিষয়া ছইবৰ ৰহমানক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে৷ ছইবৰ ৰহমান ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সৰুক্ষেত্ৰী সমষ্টিৰ এআইইউডিএফৰ দলৰ প্ৰাৰ্থী মিণাক্ষী ৰহমানৰ স্বামী৷

ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত (Special Vigilance Cell) দাখিল হোৱা অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী কাৰ্যালয়, অসম, দিশপুৰৰ নিৰ্দেশনা অনুসৰি নিৰীক্ষণ কোষৰ পৰা নিয়মীয়া তদন্ত আৰম্ভ কৰা হয়। তদন্ত কালত ছইবৰ ৰহমানে অবৈধ আৰু দুৰ্নীতিৰ পথেৰে অধিগ্ৰহণ কৰা বৃহৎ পৰিমাণৰ সম্পত্তিৰ সম্ভেদ পোৱা গৈছে, যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ। উপাৰ্জন, সম্পত্তি আৰু ব্যয় গণনা কৰাৰ উদ্দেশ্যে আৰু সন্দেহযুক্ত বিষয়া ছইবৰ ৰহমানৰ দখলত থকা আয়বহিৰ্ভুক্ত সম্পত্তিৰ পৰিমাণ আৰু সম্পত্তি অধিগ্ৰহণৰ পথ নিৰ্ধাৰণ কৰাৰ বাবে, পৰীক্ষাৰ ম্যাদ ২৩-০৬-২০০২ চনৰ পৰা ৩০-০৪-২০২১ চনলৈ লোৱা হৈছিল।
লগতে পঢ়ক : মাজুলীৰ কমলাবাৰীত খাদ্য, অসামৰিক যোগান বিভাগৰ অভিযান
এই সময়ছোৱাত, ছইবৰ ৰহমানৰ স্থাৱৰ সম্পত্তি অধিগ্ৰহণৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল। ছইবৰ ৰহমান আৰু তেওঁৰ দুই পত্নীৰ নামত থকা ৮৯ বিধ সম্পত্তিৰ পঞ্জীয়ন কৰা দেখা গৈছিল যাৰ বজাৰ মূল্য প্ৰায় ১০০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে।