মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত শনিবাৰে উপস্থিত হয় অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ ডি আই জি দিলীপ কুমাৰ দে। জিলাখনৰ আইনশৃংখলা শান্তিপূৰ্ণভাৱে চলাই নিবলৈ জিলা প্ৰশাসন আৰু জিলা আৰক্ষী প্ৰশাসনৰ লগতে প্ৰতিখন থানা, আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। নিশা হাটশিঙিমাৰী আৱৰ্ত ভৱনত কটাই ডি আই জি দিলীপ কুমাৰ দে দেওবাৰে বঙাইগাঁওলৈ ৰাওনা হয়।

ডি আই জি দিলীপ কুমাৰ দে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি জিলাখনৰ অপৰাধৰ বিষয়ে খবৰ লয়। বঙাইগাঁওলৈ যোৱাৰ পূৰ্বে ডি আই জি দিলীপ কুমাৰ দে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত মিলিত কৈ কয়, “জিলাখনত সকলো প্ৰকাৰৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নতুন উপায়ুক্ত, নতুন আৰক্ষী অধীক্ষক মিলি কাম কৰিব। আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনত ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধ সংঘটিত হৈ আছে।” সকলো প্ৰকাৰৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে ৰণ কৌশল সৃষ্টি কৰিছে বুলি তেওঁ দোহাৰে।

লগতে পঢ়ক : উত্তৰ-পুৱত প্ৰৱেশ কৰিলে দক্ষিণ-পশ্চিম মৌচুমী : আগন্তুক দিনত অব্যাহত থাকিব বৰষুণ

একেদৰে গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জিলাখনত আৰক্ষী পৰোক্ষভাৱে জড়িত হৈ থকাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে গৰু জব্দ কৰি নিশাৰ ভিতৰত গৰু কেইটা চোৰাং বেপাৰীৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। স্বয়ং আৰক্ষী এই গৰু ছিণ্ডিকেটত জড়িত হৈ থকাৰ ফলত মানকাচৰত গৰুৰ চোৰাং কাৰবাৰ বন্ধ হোৱা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় গৰু ছিণ্ডিকেটৰ লগত যদি আৰক্ষী জড়িত হৈ থাকে তেন্তে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply