মানকাচৰ : বাল্য বিবাহত জড়িত থকা মৌলানা আৰু কাজী সকল সাৱধান হ’বলৈ হল। এতিয়াৰ পৰা কোনো মৌলানা বা কাজীয়ে বাল্য বিবাহ কৰালে লোৱা হ’ব আইনগত ব্যৱস্থা। প্ৰায় ৪০ গৰাকী মৌলানা আৰু কাজীক লৈ অনুষ্ঠিত এক সজাগতা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে হাটশিঙিমাৰী সদৰ কাজী কাৰ্যালয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মুছলিম বিবাহ আৰু তালাক পঞ্জীয়ক সদৰ কাজী কাৰ্যালয়ত বাল্য বিবাহ বন্ধক লৈ এক সজাগতা সভা অনুষ্ঠিত হয়।

হাটশিঙিমাৰী মুছলিম বিবাহ আৰু তালাক পঞ্জীয়ক মৌলানা আবুল কালামৰ নেতৃত্বত অনুষ্ঠিত এই সজাগতা সভাত জিলাখনৰ সুখচৰ থানা আৰু খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত থকা প্ৰায় ৪০ গৰাকী মৌলানা উপস্থিত থাকে। মৌলানা আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত বাল্য বিবাহ বন্ধৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত মতে এতিয়াৰ পৰা জিলাখনৰ যিকোনো স্থানত কোনো মৌলানা বা কাজীয়ে পৰ্যাপ্ত বয়স নোহোৱা নাবালক-নাবালিকাৰ বিবাহ সম্পন্ন কৰালে বিষয়টো স্থানীয় মৌলানাই হাটশিঙিমাৰী সদৰ কাজীৰ কাৰ্যালয়ত অৱগত কৰাটো বাধ্যতামূলক।

যদি কোনো মৌলানাই ধনৰ লোভত বাল্য বিবাহ সম্পন্ন কৰে তেন্তে সেই মৌলানাৰ বিৰুদ্ধে সদৰ কাজীৰ কাৰ্যালয়ৰ পৰাই আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। বাল্য বিবাহ সম্পন্ন হ’লে বিবাহ সম্পন্ন কৰা মৌলানা গৰাকী নিজে দোষী হোৱাৰ লগতে ইয়াৰ বাবে সদৰ কাজী কাৰ্যালয় দোষী হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইফালে জিলাখনত মানকাচৰ আৰু হাজিৰহাটত ইমানদিনে চৰকাৰী কাজী কাৰ্যালয় চলি আহিছিল। ২০২০ চনৰ ৬ জানুৱাৰী তাৰিখে চৰকাৰে জিলাখনৰ সদৰ হাটশিঙিমাৰীত সদৰ কাজী কাৰ্য়ালয় স্থাপন কৰাৰ পাছৰে পৰা কাৰ্যালয়খনৰ পঞ্জীয়ক মৌলানা আবুল কালামে জিলাখনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে।

লগতে পঢ়ক : গোৰেশ্বৰত পিতৃয়ে ধৰ্ষণৰ চেষ্টা চলালে নিজ কন্যাক

বাল্য বিবাহ বন্ধ কৰাৰ বাবে আবুল কালামে এটাৰ পিছত আন এটা সজাগতা সভা অনুষ্ঠিত কৰি বাল্য বিবাহৰ লগত জড়িত মৌলানা সকলক এক প্ৰকাৰে সকীয়নি প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে। যোৱা সপ্তাহতো এই কাৰ্যালয়খনত বাল্য বিবাহ বন্ধৰ বাবে সজাগতা সভা অনুষ্ঠিত হৈছিল। জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী, আইনজীৱি তথা সচেতন মহলক লৈ উক্ত সজাগতা সভা অনুষ্ঠিত কৰাৰ পিছতে আবুল কালামে জিলাখনৰ মৌলানা সকলক লৈ আন এক সজাগতা সভা অনুষ্ঠিত কৰি বাল্য বিবাহৰ বিৰোধীতা কৰাৰ বাবে আবুল কালাম সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply