নিউজ ডেস্কঃ পুনৰ অসমবাসীৰ বাবে আহিল আন এটা দুখবৰ। ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী। আৰু আজি পুৱা ১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মেট্ৰো হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী। দীৰ্ঘ সময় ধৰি তেওঁ ভ্ৰাম্যমাণত বলিষ্ঠ অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল।
অভিনয় কৰি থকা সময়তে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী।