সোমবাৰে পুৱাই মনোৰঞ্জনধৰ্মী জগতখনলৈ আহিল এক দুখৰ খবৰ। সোমবাৰে পুৱাই মৃত্যু হয় অভিনেতা চিত্ৰনাট্যকাৰ শিৱ সুব্ৰমনিয়ামৰ ৷ এজন অভিনেতাৰ লগতে চিত্ৰনাট্য লিখক হিচাপে পৰিচিত সুব্ৰমনিয়ামৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত আৰু হনচল মেহতাই। এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই তেওঁৰ মৃত্যুৰ কাৰণ ৷

হনচল মেহতাই সোমবাৰে পুৱাৰ ভাগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ কথা জানিবলৈ দিয়ে ৷ সুব্ৰমনিয়ামে ১৯৮৯ চনত বিধু বিনোদ চোপ্ৰাৰ “পৰিন্দা” আৰু সুধীৰ মিশ্ৰৰ হাজাৰ খোৱাইছে এইছি (Hazaaron Khwaishein Aisi) ১৯৪২ এ লাভ ষ্টৰী, ইছ ৰাত কি সূবহ নেহী, অৰ্জুন পণ্ডিত, চামেলী আদি চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছিল।

তেওঁ টু ষ্টেটছত আলিয়া ভাটৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল । শেষবাৰৰ বাবে নেটফ্লিক্সৰ মীনাক্ষী সুন্দৰেশ্বৰত দেখা গৈছিল । শ্ৰেষ্ঠ ষ্টৰী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে দুবাৰকৈ ফিল্মফেয়াৰ সন্মান লাভ কৰিছিল সুব্ৰমনিয়ামে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply