সৰুক্ষেত্ৰী- ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। তুংগত উঠিছে প্ৰচাৰ অভিযান।
ৰাজনৈতিক দল সমূহে নিজ নিজ প্ৰাৰ্থীক লৈ চলাইছে প্ৰচাৰ অভিযান।
আনহাতে ষ্টাৰ কেম্পেইনাৰ সকলেও নিজ নিজ দলৰ প্ৰাৰ্থী সকলক লৈ সমষ্টিয়ে সমষ্টিয়ে চলাইছে নিৰ্বাচনৰ প্ৰচাৰ।
ঠিক একেদৰেই সৰুক্ষেত্ৰী সমষ্টিতো তুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
প্ৰচাৰ অভিযানৰ পৰা বিৰত থকা নাই সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ পত্নী তথা অভিনেত্ৰী তেহচিন আখতাৰ।
আৰু পঢ়কঃ মানকাচৰত ৭ জনৰ মনোনয়ন পত্ৰ বৈধ, ২ জনৰ নাকচ, ১ জনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ
সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল’লে অভিনেত্ৰী তেহছিন আখতাৰে।
কংগ্ৰেছৰ প্ৰাৰ্থী তথা স্বামী জাকিৰ হুছেইন শিকদাৰৰ বাবে ঘৰে ঘৰে, পদূলিয়ে পদূলিয়ে গৈ প্ৰচাৰ চলাইছে অভিনেত্ৰী তেহচিন আখতাৰে।
উল্লেখ্য যে, ১৮ মাৰ্চত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকেৰে বিশাল সমদল কৰি মনোনয়ন দাখিল কৰিছিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে।
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত ১৪মাৰ্চত বৃহৎ ৰেলীৰে সৰুক্ষেত্ৰী সমষ্টিলৈ জাকিৰ হুছেইন শিকদাৰক আদৰণী জনাইছিল কেইবা সহস্ৰাধিক কৰ্মী-সমৰ্থকে।
১৮ মাৰ্চৰ সমদলেৰে সৰুক্ষেত্ৰী সমষ্টিত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে জাকিৰ হুছেইন শিকদাৰে।
আৰু পঢ়কঃ নতুন ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত দত্তৰ