নিউজ ডেস্ক : আজিৰ পৰা আদানী গোষ্ঠীৰ হাতলৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। যোৱা নিশা ১২ বজাত উত্তৰ-পূবৰ একমাত্ৰ বিমানবন্দৰটো আদানী এয়াৰপোৰ্ট লিমিটেডৰ হাতত হস্তান্তৰ কৰা হয়।

নিশা ১২ বজাত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে আনুষ্ঠানিকভাৱে আদানী গ্ৰুপৰ হাতত চমজাই দিয়ে বৰঝাৰ বিমানবন্দৰৰ ছাবিকাঠি।

বিমানবন্দৰৰ ভিতৰচোৱাত নিশাৰ ভাগত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদর্শন কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰে আদানী এয়াৰপোৰ্ট লিমিটেডে।

আজিৰ পৰা আদানী গ্রুপৰ হাতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গতাই দিয়াত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বহু কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰি আজিৰ দিনটো অসম তথা ভাৰতৰ বাবে ক’লা দিন হিচাবে পালন কৰে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰেও ১৯৫৮ চনৰ পৰাই সেৱা আগবঢ়াই আহিছিল। এতিয়া আদানী গ্ৰুপৰ হাতত বৰঝাৰ বিমানবন্দৰ ৫০ বছৰৰ বাবে গতাই দিয়াত দুখ প্ৰকাশ কৰি ক’লা দিৱস হিচাবে পালন কৰে বহু সংখ্যক কৰ্মচাৰীয়ে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply