গুৱাহাটীঃ অসমৰ ভূমিতে অসমীয়াৰ স্বাভিমানক অপমান। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বৰঝাৰ বিমান বন্দৰটো পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ পিছৰে পৰা অসমীয়াৰ ওপৰত আদানি গোটৰ একপক্ষীয় স্বেচ্ছাচাৰী নিয়ম-নীতিৰ বিষয়ে পোহৰলৈ আহিছে।

অসমীয়া জীয়াৰী-বোৱাৰীকো অপমান কৰিবলৈ কুন্ঠাবোধ নকৰিলে আদানী গোটে। অসমবাসীৰ আৱেগক ভৰিৰে মোহাৰি শেহতীয়াকৈ আদানি গ্ৰুপৰ নিৰ্দেশনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

আদানি গ্ৰুপৰ অধীনত কাম কৰা প্ৰণাম নামৰ প্ৰতিষ্ঠানটোৱে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে অদ্ভূত নিৰ্দেশনা।

প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো মহিলা কৰ্মচাৰীয়ে মেখেলা চাদৰ পিন্ধিব নোৱাৰিব। ইয়াৰ বিপৰীতে অত্যাধুনিক সাজপোছাক পিন্ধিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃৰূপহীহাটৰ ফুটালজাৰত ভূমিকেন্দ্ৰিক সংঘাত:আহত চাৰিজন

অকল সেয়াই নহয় আদানি গ্ৰুপৰ অধীনত কাম কৰা কোনো অসমীয়া মহিলা কৰ্মচাৰীয়ে আনে দেখাকৈ শিৰত ল’ব নোৱাৰিব সেন্দুৰ। হাতত খাৰু, ডিঙিৰ মংগলসূত্ৰ পিন্ধি অফিচ আহিব নোৱাৰিব বুলি কোৱা হৈছে নিৰ্দেশনাত।  কেৱল চুটি স্কাৰ্ট, ফৰ্ক পিন্ধি অফিচলৈ আহিবলৈ কোৱা হৈছে।

এই নিৰ্দেশনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ মহিলাক অপমান তথা জাতীয় সত্বাত আঘাত নাহানিবলৈ সকীয়াই দিছে বিভিন্ন দল-সংগঠনে।

ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজেৱাইচিপিৰ নেতা পলাশ চাংমায়ে কয় যে অসমীয়া মহিলাৰ মেখেলা চাদৰ পিন্ধাৰ অধিকাৰ কাঢ়ি নিব বিচৰা আদানি গ্ৰুপে এই ধৰণৰ নিৰ্দেশ উঠাই নল’লে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply