ধুবুৰী : ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াই পৰিদৰ্শন কৰিলে দক্ষিণ শালমাৰাৰ খহনীয়াগ্ৰস্থ এলেকা। অতিৰিক্ত উপায়ুক্তৰ সম্মুখত পঞ্চায়ত প্ৰতিনিধিৰে ৰাইজৰ হতাহতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এফালে বান আনফালে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত দিশ বিদিশ হেৰুৱাই পেলাইছে দক্ষিণ শালমাৰা সমষ্টিৰ নৈপৰীয়া হেজাৰ হেজাৰ লোক।

দীৰ্ঘদিন ধৰি সমষ্টিখনৰ পামপাৰা চতলাৰপাৰ, বাউছকাটা, মাটিফাটা, সূৰ্যমনি এলেকাত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ৰাইজৰ দাবী অঞ্চলটোত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই ধুবুৰী জিলা প্ৰশাসন তথা চৰকাৰৰ।

ইয়াৰ মাজতে বানপানীৰ সময়ত পৰিস্থিতি অধিক ভয়াবহ হ’বলৈ আৰম্ভ হৈছে দক্ষিণ শালমাৰাৰ গৰাখহনীয়া প্ৰভাৱিত অঞ্চল সমূহত। প্ৰতিদিনে ৩০-৪০ টাকৈ নৈপৰীয়া পৰিয়ালে গৃহহীন হোৱাৰ উপৰিও ভাবুকিৰ সৃষ্টি হৈছে প্ৰায় ডেৰ শতাধিক ব্যৱসায়ীয়ে ব্যৱসায় কৰা মাটিফাটা বজাৰখনৰ প্ৰতি।যিকোনো মুহূৰ্তত বজাৰখন জাহ যাব পাৰে ব্ৰহ্মপুত্ৰ বুকুত।

পৰিস্থিতি জটিল হোৱা দেখি ৰাইজে ধুবুৰী জিলা উপায়ুক্তক গৰাখহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শনৰ বাবে দাবী জনায়। সোমবাৰে উপায়ুক্ত আহিব বুলি বজাৰখনত যথেষ্ট লোকে ভিৰ কৰে যদিও বিশেষ কাৰণত উপায়ুক্ত গৰাকী আহিবলৈ সক্ষম নোহোৱাত অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত হয় দক্ষিণ শালমাৰাত।

বজাৰখনৰ লগতে খহনীয়াগ্ৰস্থ লোকৰ খবৰ লোৱাৰ পিছত অতিৰিক্ত উপায়ুক্ত গৰাকী উভতাৰ পথত দুই ফৈদৰ মাজত আৰম্ভ হয় হতাহতি। অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সম্মুখত পামপাৰা চতলাৰপাৰ গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ অধীনত পথ নিৰ্মাণত দুৰ্নীতি হৈছে বুলি এটা ফৈদে অভিযোগ কৰাৰ লগে লগে দুই ফৈদৰ মাজত হতাহতি আৰম্ভ হয়।

লগতে পঢ়ক  : সাপেখাটি জাতীয় বিদ্যালয়ৰ নৱনীতা চুতীয়ালৈ “শিক্ষাজ্যোতি বঁটা”

পৰিস্থিতি উত্তপ্ত হয় যদিও সচেতন লোকৰ সহযোগত কিছু সময় পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইফালে দক্ষিণ শালমাৰা পৰিদৰ্শন কৰি অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply