গুৱাহাটী : অসম চৰকাৰৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলাত পুণৰ আৰম্ভ কৰিবলৈ লােৱা হৈছে আধাৰ পঞ্জীয়ণৰ কাম। জিলাখনত আধাৰ পঞ্জীয়ণৰ পৰা বাদ পৰি যােৱা ব্যক্তিসকলৰ আধাৰ পঞ্জীয়ণ ৩১ আগষ্টৰ ভিতৰত এশ শতাংশ সম্পূর্ণ কৰাৰ লক্ষ্য আগত ৰাখি বুধবাৰে ঠিকাভিত্তিক চুক্তিদাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ লগত জিলা প্রশাসনৰ এখন সভা অনুষ্ঠিত হয়।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত ৩১ আগষ্টৰ ভিতৰত ক’ভিড বিধি মানি জিলাখনৰ সকলাে লােকৰে আধাৰ পঞ্জীয়ণ সম্পূর্ণ কৰিবলৈ নিয়ােজিত বিষয়-ববীয়াসকলক জিলা উপায়ুক্তই নির্দেশ দিয়ে। উপায়ুক্তগৰাকীয়ে গাওঁবুঢ়া, আশাকর্মীসকলৰ জৰিয়তে প্রতিখন গাঁৱৰ লােকসকলৰ মাজত আধাৰ পঞ্জীয়ণৰ ক্ষেত্ৰত সজাগতা আনিবলৈ আৰু এই ক্ষেত্ৰত প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চক্ৰ বিষয়াসকলক নির্দেশ দিয়ে।
লগতে পঢ়ক : প্ৰভাৱ কুমাৰ ইঞ্জিনিয়াৰীৰ স্থানীয়ভাৱে নির্মাণ কৰা ই-ৰিক্সা বেটেৰী মুকলি
আধাৰ পঞ্জীয়ণত ১০০ শতাংশ সফলতা লাভ কৰাৰ উদ্দেশ্যে এইবাৰ স্থায়ী পঞ্জীয়ণ কেন্দ্রসমূহৰ উপৰি ভ্রাম্যমাণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযােগ্য যে, অন্যান্য ক্ষেত্রৰ লগতে কেন্দ্রীয়-অসম চৰকাৰৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন আঁচনিৰ হিতাধিকাৰী হিচাপে বাচনি কৰাত সহায় হােৱাকৈ ৰাজ্য চৰকাৰে আধাৰ পঞ্জীয়ণ বাধ্যতামূলক কৰি পুণৰ পঞ্জীয়ণ আৰম্ভ কৰিবলৈ নির্দেশ দিছে। অৱশ্যে আধাৰ পঞ্জীয়ণৰ ক্ষেত্ৰত ক’ভিড বিধি মানি চলা হ’ব।