নিউজ ডেস্ক : আদিল হুছেইন, অসম এইগৰাকী প্ৰতিভাৱান অভিনেতা সম্পৰ্কে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ গোৱালপাৰা জিলাৰ পৰা গৈ এইগৰাকী অভিনেতাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ অভিনয়ৰে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।
বলিউডৰ লগতে হলিউডৰ কেইবাখনো ছবিত অভিনয় কৰা অসমৰ আদিল হুছেইন পুনৰ এবাৰ নিজৰ অভিনয়ৰ জৰিয়তে চৰ্চিত হৈ পৰিছে। ‘ফৰ্বছ’ আলোচনীয়ে ২০২১ বৰ্ষৰ হিন্দী ছবি উদ্যোগৰ ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে আদিল হুছেইনক।
লগতে পঢ়ক : লখিমপুৰত স্বাস্থ্য কৰ্মীৰ সমহাৰত বেতন বিচাৰি প্ৰতিবাদী কাৰ্যসূচী
অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ নামৰ বলিউডৰ ছবিখনত কৰা অভিনয়ৰ বাবেই আদিল হুছেইন ‘ফৰ্বছ’ আলোচনীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ‘ফৰ্বছ’ৰ এই তালিকাত আদিল হুছেইনৰ লগতে বলিউডৰ ছবি জগতৰ আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, ছিকন্দৰ খেৰ, মানৱ কৌল আৰু অম্ৰুতা সুভাষ নাম আছে।