নিউজ ডেস্কঃ মহামাৰী কৰোনাই সমগ্ৰ দেশত দিনে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে।

কৰোণাৰ সংহাৰী ৰূপে দিল্লীত প্ৰাণ ল’লে আন এজন অসমীয়াৰ ।

বুধবাৰে দিল্লীৰ গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ আদিত্য শইকীয়াই।

কভিড-১৯ত আক্রান্ত হৈ তেওঁ কিছুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

আদিত্য শইকীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া অশোক শইকীয়া আৰু ৰঞ্জনা শইকীয়াৰ পুত্ৰ আছিল। 

তেওঁ গুৱাহাটীৰ গ্ৰাম তৰংগ নামৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানটোৰ দিল্লীৰ কাৰ্যালয়ত কৰ্মৰত আছিল।

আৰু পঢ়কঃদেশত প্ৰথমবাৰৰ বাবে ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিল ৪,২০০ জন ক’ভিড ৰোগী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,888 other subscribers

Leave a comment

Leave a Reply