তামুলপুৰ : আদিবাসী ধৰ্মীয় গীতক কেন্দ্ৰ কৰি অসমৰ লগতে দেশজুৰি বিতৰ্ক। ঠায়ে ঠায়ে এজেহাৰৰ পিছতে ক্ষমা খুজিলে আদিবাসী ধৰ্মীয় গীতৰ লেখক আৰু গায়িকাই। অসমৰ লগতে উৰিষ্যা, ঝাৰকাণ্ড, পশ্চিমবংগসহ কেইবাটাও ৰাজ্যত ঠায়ে ঠায়ে গোচৰ ৰুজু গীতটিৰ সৈতে জড়িত লোকৰ ওপৰত।

এটা গীত আৰু তাৰ পিছতে বিতৰ্ক। অসমৰ লগতে উৰিষ্যা, ঝাৰকাণ্ড, পশ্চিমবংগসহ কেইবাটাও ৰাজ্যত ঠায়ে ঠায়ে গোচৰ ৰুজু গীতটিৰ সৈতে জড়িত লোকৰ ওপৰত। আদিবাসী সমাজৰ ক্ষোভ ইউটুবৰ মেৰী হাচদাৰ বিৰুদ্ধে। আদিবাসী সমাজৰ ক্ষোভ দেখি নিজৰ ভুল স্বীকাৰ গীতটিৰ সৈতে জড়িত একাংশ লোকৰ।

যোৱা ২ এপ্ৰিল তাৰিখে অসমৰ তামুলপুৰৰ পৰা মুক্তি লাভ কৰা এটি আদিবাসী গীতে এতিয়া চৰ্চা লাভ কৰিছে ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি। গীতটিত আদিবাসী সকলৰ ভগৱানক অপমান কৰা বুলি অভিযোগ তুলিছে বহুজনে। জুৱাকিম টুডুয়ে লিখি উলিওৱা গীতটিত কণ্ঠদান কৰিছিল মেৰী হাচদাই কিন্ত গীতটিৰ দ্বাৰাই ভগৱানক অপমান কৰাৰ উদ্দেশ্য নাছিল বুলি জানিবলৈ দিছে গীতটিৰ সৈতে জড়িত লোকসকলে।

শব্দৰ ভুলৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি গীতটিৰ লগত জড়িত লোক সকলে জানিবলৈ দিছে। কোনো লোকক গীতিৰ জৰিয়তে ধৰ্মীয় আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই বুলি মত পোষণ কৰিছে গীতটিৰ গীতিকাৰ, সুৰকাৰ আৰু গায়িকা গৰাকীয়ে।

ইতিমধ্য গীতটি কিছু অংশ উঠাই দিয়াৰ লগতে পুনৰ সংশোধন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে গীতটিৰ গীতিকাৰ, সুৰকাৰ আৰু গায়িকা গৰাকীয়ে। এনে অবাঞ্চিত ভুলৰ বাবে অসমৰ লগতে অন্য ৰাজ্যৰ লোক, আদিবাসী সমাজ তথা বিভিন্ন দল-সংগঠনৰ ওচৰত ক্ষমা বিচাৰিছে গীতটিৰ সৈতে জড়িত বিষয়-ববীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply