শিলচৰ : প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলক লাইলাপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা দল লাইলাপুৰত যোৱাৰ উদ্দেশ্যে বুধবাৰে উপস্থিত হৈছিল কাছাৰত। কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ঢলাইত সাব্যস্ত কৰে প্ৰতিবাদ।

সোমবাৰে কাছাৰৰ লাইলাপুৰস্থিত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ গুলী চালনাত অসম আৰক্ষীৰ ছায় জনকৈ জোৱান শ্বহীদ হৈছিল। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। বুধবাৰে মিজো আৰক্ষীৰ গুলীত ছয় জনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱা ঘটনাস্থলী পৰিদর্শন কৰাৰ বাবে কাছাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ এটা দল।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কাছাৰত উপস্থিত হোৱা কংগ্ৰেছৰ দলটোক লাইলাপুৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে প্ৰশাসনে।প্ৰশাসনৰ বাধাৰ পিছতে কংগ্ৰেছৰ দলটোৱে ঢলাইত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা মজৰুল বৰভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰে। কংগ্ৰেছ প্ৰতিনিধি দলটোৱে মিজো আৰক্ষীৰ গুলীত আহত হোৱা আৰক্ষীৰ জোৱান সকলৰ স্বাস্থ্যৰ বুজ লবলৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈও যায়।

কংগ্ৰেছৰ প্ৰতিনিধি দলটোক লাইলাপুৰত প্ৰৱেশ কৰিবলৈ নিদিয়াকলৈ ক্ষোভিত হৈ পৰে কংগ্ৰেছৰ নেতা সকল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱেন বৰাই এই সন্দৰ্ভত কয় যে পৰিস্থিতি লুকুৱাবলৈ গৃহ বিভাগে ষড়যন্ত্ৰ কৰিছে আৰু আমি কংগ্ৰেছৰ দল মনে মনে বহি নাথাকো। ভুৱেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে কিছুমান মানুহে নিজৰ সীমাৰ ভিতৰত বহু ক্ৰিয়া প্ৰদৰ্শন কৰে, সীমাৰ বাহিৰত তেওঁ কাপুৰুষৰ ভাও দিয়ে।

ভুৱেন বৰাই লগতে কয় যে অসমৰ গৰু চোৰক, সৰু সৰু ড্ৰাগছৰ বেপাৰী গুলীয়াবৰ কাৰণে তেওঁ অসম আৰক্ষীক সদনত থিয় হৈ নিৰ্দেশ দিব পাৰে কিন্তু সীমান্তত যে অসম আৰক্ষীয়ে গুলী খাইছে, সীমান্তত গুলী চলি থকা অৱস্থাত শীৰ্ষ আৰক্ষী বিষয়াই তেওঁৰ অনুমতি বিচাৰিছিল সেই সময়ত তেওঁ মৌন হৈ আছিল যিটো কাৰণে মই গৃহমন্ত্ৰী পদত্যাগৰ দাবী জনাইছোঁ। ছয়টাকৈ শ্বহীদ পৰিয়ালৰ ওচৰত তেওঁ আঁঠুলৈ ক্ষমা খুজিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

লগতে পঢ়ক : আজিৰ কেবিনেটে কি সিদ্ধান্ত ল’লে

সমগ্ৰ ঘটনা সন্দৰ্ভত বৰাকৰ কংগ্ৰেছ দলৰ নেত্ৰী সুস্মিতা দেৱে কয় যে মই মুখ্যমন্ত্ৰীক কব বিচাৰো যে আমি একত্ৰিত হৈ আছোঁ, আপুনি একত্ৰিত হৈ আছেনে ? আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰই অনুমতি দিলে গুৱাহাটী, নলবাৰী এৰি দিয়া মন্তব্য সন্দৰ্ভত সুস্মিতা দেৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো অতিকৈ দুৰ্বল মন্তব্য। সুস্মিতা দেৱে কয় যে হিমন্ত বিশ্ব শৰ্মাক ইমান দুৰ্বল মন্তব্য দিয়া মই পূৰ্বে দেখা নাছিলোঁ। সুস্মিতা দেৱে মিজোৰামৰ চৰকাৰক শান্তি বজাই ৰখাৰ বাবেও আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply