নগাঁওঃ কভিডৰ দ্বিতীয়টো ঢৌৱে ৰাজ্য়ত সংহাৰী ৰূপ ধাৰণ কৰিছে। নিতৌ বৃদ্ধি পাইছে কভিড ৰোগী আৰু মৃতকৰ সংখ্যা।

কভিডৰ ভয়ানক সংক্ৰমণৰ বাবেই নগাঁও জিলাৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে জিলা প্ৰশাসনে। জিলাখনত ক’ভিড মহামাৰীৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।

এনে পৰিস্থিতিৰে মোকাবিলা কৰাত সহায়ক হোৱাকৈ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে । কিয়নো এই বজাৰসমূহত মুকলি ভাবেই ক’ভিড বিধি উলংঘা কৰি অহাৰ পিছতো কোনো ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হৈছিল ।

ইয়াৰ ফলত সংক্ৰমণৰ হাৰ জিলা খনত দিনক দিনে বাঢ়িবলৈ লয় । এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি কোৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশ অনুসৰি নগাঁৱৰ জিলা দণ্ডাধীশে জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে ।

আৰু পঢ়কঃ নিয়ন্ত্ৰণৰ বাহিৰত মাৰাত্মক ক’ভিড : ২৪ ঘণ্টাত ভাৰতত মৃত্যু ৪১৯১ জন ৰোগীৰ


পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ থাকিব জিলাখনৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ । তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে । এই নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক কৰি দিছে জিলা প্ৰশাসনে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply