নিউজ ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিৰ অধ্যক্ষ এম জগদীশ কুমাৰে সোমবাৰে কয় যে,- কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত স্নাতকৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমন এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ চি.ইউ.ই.টিত অৱতীৰ্ণ হ’ব লাগিব।

লগতে তেওঁ জনাই যে, জুলাই মাহৰ প্ৰথমটো সপ্তাহত এই পৰীক্ষা অনুষ্ঠিত হ’ব । আৰু বিশ্ববিদ্যালয়সমূহত নাথাকিব কোনো কাট অফ লিষ্ট। পূৰ্বৰ দৰে এই বিশ্ববিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ নহয়।

জগদীশ কুমাৰে এক সংবাদমেলত কয়- ‘২০২২-২৩ শৈক্ষিক বৰ্ষত ৰাষ্ট্ৰীয় পৰীক্ষা এজেন্সীয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চিইউইটি পৰীক্ষাৰ আয়োজন কৰিব। সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এই পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰতহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বিচাৰ-বিবেচনা কৰিব লাগিব।’

উল্লেখযোগ্য যে, চিইউইটি পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলক দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাই প্ৰশ্ন সোধা হ’ব। আৰু এই প্ৰশ্নকাকতৰ উত্তৰ ইংৰাজী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, কান্নাড়া, মলয়ালম, মৰাঠী, পঞ্জাৱী, তামিল, তেলেগু, উৰ্দু ভাষাত লিখিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply