নিউজ ডেস্ক – বৰ্তমানৰ দেশৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত কোন আটাইতকৈ সম্পত্তিশালী? ২৯জনেই কোটিপতি আৰু তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি সম্পত্তিৰ গৰাকী অন্ধ্ৰ প্ৰদেশৰ জগন মোহন ৰেড্ডী। ৰেড্ডীৰ সম্পত্তিৰ মুঠ মূল্য ৫১০ কোটি টকা। এছ’চিয়েশ্যন ফৰ ডেমক্রেটিক ৰিফৰ্মছে (এ ডি আৰ) বিশ্লেষণ কৰা নিৰ্বাচনী শপতনামাবোৰৰ পৰা এই কথা জানিব পৰা গৈছে। ইফালে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা এই তালিকাত আছে অষ্টম স্থানত। মুঠ ১৭ কোটি টকা (১৭,২৭,৬৫,১৬২ টকা) সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ নামত।

ইফালে তালিকাৰ দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। ১৬৩ কোটি টকা সম্পত্তিৰ অধিকাৰী উত্তৰ-পূৱৰ এইগৰাকী মুখ্যমন্ত্ৰী। উল্লেখ্য যে এইগৰাকী মুখ্যমন্ত্ৰীৰ Liabilities ৰ সংখ্যা হৈছে ০। এ ডি আৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি আটাইতকৈ কম সম্পত্তিৰ গৰাকী হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তেওঁৰ সম্পত্তিৰ মূল্য প্রায় ১৫ লাখ টকা।

কালি নিশা প্ৰকাশ পোৱা এই প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি য় যে বর্তমান ক্ষমতাত থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ ৩০জন মুখ্যমন্ত্ৰীয়ে দাখিল কৰা নির্বাচনী শপতনামাবোৰ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হোৱা গৈছে। বৰ্তমান ২৮খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত (দিল্লী আৰু পুডুচেৰি) মুখ্যমন্ত্রী আছে। কেন্দ্রীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত সদ্যহতে মুখ্যমন্ত্রী নাই। ৩০জন মুখ্যমন্ত্ৰীৰ ভিতৰত ২৯জনেই (৯৭%) কোটিপতি। প্ৰতিজনৰ গড় সম্পত্তি আছে ৩৩.৯৬ কোটি টকাৰ।
সম্পূৰ্ণ ৰিপ’ৰ্টটো চাবৰ বাবে ইয়াত ক্লিক কৰক।
৩০জন মুখ্যমন্ত্ৰীৰ ভিতৰত ১৩জনৰ (৪৩%) বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। এনেবোৰ গোচৰ জামিনবিহীন আৰু দোষী সাব্যস্ত হ’লে পাঁচ বছৰৰো অধিক কাল কাৰাদণ্ড বিহা হ’ব পাৰে। সম্পত্তিৰ ফালৰ পৰা শীৰ্ষত থকা তিনিজন মুখ্যমন্ত্রী ক্ৰমে অন্ধ প্ৰদেশৰ জগন মোহন ৰেড্ডী (৫১০ কোটি টকাৰো অধিক সম্পত্তিৰ গৰাকী), অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু (১৬৩ কোটি টকাৰো অধিক) আৰু ওড়িষাৰ নবীন পাটনায়ক (৬৩ কোটি টকাৰো অধিক)। আটাইতকৈ কম সম্পত্তিৰ অধিকাৰী তিনিজন মুখ্যমন্ত্রী ক্রমে পশ্চিম বংগৰ মমতা বেনাৰ্জী (১৫ লাখ টকাতকৈ বেছি), কেৰালাৰ পি বিজয়ন (১ কোটি টকাতকৈ বেছি আৰু হাৰিয়ানাৰ মনোহৰ লাল (১ কোটি টকাতকৈ বেছি)। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সম্পত্তিৰ মূল্য ৩ কোটি টকাতকৈ বেছি।