নাজিৰাঃ শিৱসাগৰ জিলাৰ বকতা বাখৰ বেঙেনাত থকা প্ৰায় ৭০০ বছৰ পুৰনি ঐতিহাসিক বাখৰ বেঙেনা গছ জোপা প্ৰচাৰৰ উদেশ্যে শিৱসাগৰ জিলাৰ বকতা নঙলামৰা গড়মুৰৰ পৰা ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তলৈ এক চাইকেল যাত্ৰা আৰম্ভ কৰিছে ধিতাইপুখুৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সৌৰভ গগৈয়ে৷
শুকুৰবাৰে পুৱা দহ বজাৰ পৰা এখন চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে ছাত্ৰ জনে৷ চাইকেলৰ আগত ঐতিহাসিক বাখৰ বেঙেনাৰ ফটো আৰু জাতীয় পতাকা লৈ যাত্ৰা কৰিছে যুৱক জনে ৷
লগতে পঢ়কঃপুনৰ পুখুৰীৰত পৰিল ছটাকৈ বনৰীয়া হাতী
প্ৰতিদিনে ২০০ কিলোমিটাৰকৈ চাইকেল চলাই ধুবুৰীত উপস্থিত হৈ পুনৰ চাইকেল চলাই গৃহ অভিমুখে যাত্ৰা কৰিব ছাত্ৰ জনে ৷ এই যাত্ৰা কালত ছাত্ৰ জনক সহায়ৰ হাত আগবঢ়াইছে বকতা নেমুগুৰি আৰক্ষী আৰু সংগ্ৰামী যুৱছাত্ৰ পৰিষদৰ সদস্যই৷