কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ জনীয়া তালিকা প্ৰকাশ

নিউজ ডেস্ক- অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে সোমবাৰে অসমীয়া থলুৱা সংস্কৃতিৰ আধাৰত প্ৰথমটো ভিডিঅ’ বিজ্ঞাপন উন্মোচন কৰে। বিজ্ঞাপনটো সামাজিক মাধ্যমত উন্মোচন কৰাৰ কেইবা মুহুৰ্তৰ ভিতৰতে ১০ লাখৰো অধিক দৰ্শকে প্ৰত্যক্ষ কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৈষ্ণৱ ধৰ্মীয় অনুভূতি পুষ্ট  ভাওনা আৰু সংগীতৰ আধাৰত নিৰ্মিত এই ভিডিঅ’টিয়ে অসমীয়াৰ আবেগ অনুভূতিক প্ৰতিফলিত কৰিছে। 

এই ভিডিঅ’টোয়ে অসমীয়া জাতি-মাটি, ভাষা, সাহিত্য, সংস্কৃতি, অসমৰ সম্পদ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসমীয়াৰ আবেগ অনুভূতিক প্ৰকাশ কৰিছে। বিগত ৫ বছৰে গেৰুৱা বাহিনীয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া অসমৰ সাহিত্য সাংস্কৃতিক পুনৰ জীয়াই তুলিব বুলি বিশ্বাস অসম প্ৰদেশ কংগ্রেছৰ।

অসমীয়া জাতীয় সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসমবাসীয়ে জাতি-বিৰোধী গেৰুৱা বাহিনীক ওফৰাই পেলাব বুলি বিবৃতিটোত উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply