গুৱাহাটী : “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা তেতিয়াৰ কৃষক নেতা আৰু বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰাবন্দী হৈ থকা সময়ত অখিল গগৈৰ হৈ আদালতত যুঁজ দিয়া অধিবক্তা কৃষ্ণ গগৈ নামিছে ৰাজনৈতিক যুঁজত। উপ-নিৰ্বাচনত অধিবক্তা কৃষ্ণ গগৈ থাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। কিন্ত কৃষ্ণ গগৈ অখিল গগৈৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নহয়। কৃষ্ণ গগৈ ৰাইজৰ দলৰ পৰিবৰ্তে চিপিআই দলৰ টিকটত থাওৰা সমষ্টিত নিৰ্বাচনী যুঁজত নামিব।
অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ উঠিছে। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই পাঁচটা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি হৈছে থাওৰা সমষ্টি। কংগ্ৰেছ দলৰ টিকটত ২০২১ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি অহা সুশান্ত বৰগোঁহাই বিজেপিত যোগদান কৰাত থাওৰাত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
শাসকীয় দল বিজেপিৰ টিকটত থাওৰা সমষ্টিৰ পৰা সুশান্ত বৰগোঁহাই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাতো প্ৰায় নিশ্চিত। ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছ এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। কিন্তু অখিল গগৈৰ ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰৰ নাম ঘোষণা কৰিছে থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে। ইয়াৰ মাজতে অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিয়া কৃষ্ণ গগৈও নিৰ্বাচনী যুঁজত নামিব থাওৰা সমষ্টিত।
বিজেপি বিৰোধী দল সমূহে উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত হৈ যুঁজ দিয়াৰ পৰিকল্পনা কৰি থকাৰ মাজতে থাওৰা সমষ্টিত ৰাইজৰ দলে ধৈৰ্য্য কোঁৱৰক আৰু চিপিআইয়ে কৃষ্ণ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা বুজিব পাৰি যে বিজেপি বিৰোধী দল সমূহৰ মাজতেই বিজেপিক ৰোধ কৰাৰ কোনো ধৰণৰ পৰিকল্পনা নাই।
লগতে পঢ়ক : হায়াত হাস্পতালত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক উদ্বোধন
এই সন্দৰ্ভত আঞ্চলিক গণ মাৰ্চৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে বিজেপি বিৰোধী দল সমূহে থাওৰা সমষ্টিত কৃষ্ণ গগৈক সমৰ্থন দিয়াৰ বাবে আলোচনা অব্যাহত ৰাখিছে যদিও অন্য সমষ্টি সমূহক লৈ বর্তমানলৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই। ইফালে অখিল গগৈ সন্দৰ্ভত অজিত কুমাৰ ভূঞাই কয় যে অখিল গগৈয়ে বিজেপি বিৰোধী শক্তিৰ কথা কয় কিন্তু আলোচনা নকৰাকৈ প্ৰাৰ্থী ঘোষণা কৰে।