যোৱা ২১ মাৰ্চৰ সন্ধিয়া বৰপেটাৰ বিলৰটাৰী হাটীত বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমক নৃশংস ভাবে হত্যাকাণ্ডৰ ১০ দিনৰ ভিতৰতেই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ফাদিল কৰা বুলি বৃহস্পতিবাৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে জানিবলৈ দিয়ে।


আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱা মতে, মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই হত্যাৰ বলি হ’বলগীয়া হ’ল ৰিণিমা বেগম ৷ ২০১৯ চনত ৰিণিমা বেগমৰ পৰা ৫ বিঘা মাটি ক্ৰয় কৰিছিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে ১ কোটি ১৩ লাখ টকা ডাঃ মকদম আলীয়ে আদায় দিয়াৰ পিচত ৰিণিমা বেগমে আন লোকক মাটিখিনি বিক্ৰীৰ চেষ্টা চলাইছিল বুলি জানিব দিয়ে।

পিছত আদালতৰ কাষ চাপিছিল ডাঃ মকদম আলীয়ে ৷ কিন্তু ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটা গোচৰ ৰুজু কৰিছিল অধিবক্তা ৰিণিমা বেগমে ৷ আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ লগ হৈ ৰকিবুল ইছলাম নামৰ এজন লোকক ১৩ লাখ টকা দি হত্যাৰ চুপাৰী দিছিল ৷

প্ৰায় ৮ মাহ পূৰ্বে ৰকিবুল ইছলামে ১৩ লাখ টকাত ৰিণিমাক হত্যাৰ চুপাৰী লৈ আব্বাছ আলীক হত্যাকাৰী বিচৰাৰ দায়িত্ব দিছিল বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে ৷ সেইমতে আব্বাছ আলীয়ে ৰবিয়াল আলী নামৰ এজনক অধিবক্তা ৰিণিমা বেগমক হত্যা কৰাৰ দায়িত্ব দিয়ে ৷ এই পৰিকল্পনা অনুসৰি যোৱা ২১ মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে ৰবিয়াল আলিয়ে চোকা অস্ত্ৰৰে হানি ৰিণিমা বেগমক হত্যা কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে ৩ নং ভাতকুছিৰ সমীপৰ নখান্দা নৈৰ পৰা ৩০ মাৰ্চত অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা চুৰি উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ লগতে ৰিণিমা বেগমক হত্যাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ মকদম আলী, খুলশালীয়েক মহিবুল হক, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মুস্তাব আলীসহ মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,478 other subscribers

Leave a comment

Leave a Reply Cancel reply