ডিফু : দেশব্যাপী চলি থকা ক’ভিড সংহাৰৰ মাজতে এইবাৰ কাৰ্বি আংলং জিলাৰ ডিফুৰ ‘পেশ্যনেট মাল্টি ফাৰ্ম’ত থকা গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান চোৱাইন ফিভাৰ৷ ফলস্বৰূপে ফাৰ্মখনত থকা গাহৰি নিধন কৰা হৈছে। ‘পেশ্যনেট মাল্টি ফাৰ্ম’ৰ সৰু-ডাঙৰ মুঠ ৪০০ টাকৈ গাহৰি নিধন কৰা হৈছে।

গুৱাহাটীৰ পৰা অহা পশু পালন বিভাগৰ এটা দল গাহৰি কেইটা নিধন কৰা বুলি জানিব পৰা গৈছে। কিছুদিন পূৰ্বে অজ্ঞাত কাৰণত ফাৰ্মখনত দুটাকৈ প্ৰাপ্তবয়স্ক গাহৰি মৃত্যুৰ মুখত পৰাৰ পিছতে এই সন্দৰ্ভত জিলা পশু পালন বিভাগক এই কথা জনাইছিল ফাৰ্মখনৰ স্বত্ত্বাধিকাৰী গৰাকীয়ে৷ পশু পালন বিভাগে নমূনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পিছত মৃত গাহৰি কেইটা আফ্ৰিকান চোৱাইন ফিভাৰত আক্রান্ত হৈছিল বুলি ধৰা পৰে৷

লগতে পঢ়ক  :  বোকাজানত অস্ত্ৰসহ আটক চাৰি যুৱক

ইয়াৰ পাছতেই জনহিতাৰ্থে ফাৰ্মখনৰ স্বত্ত্বাধিকাৰী গৰাকীয়ে বৃহৎ ত্যাগ স্বীকাৰ কৰে। ফাৰ্মখনত থকা ৪০০ গাহৰিকে নিধনৰ অনুমতি দিয়ে স্বত্ত্বাধিকাৰী ৰ’জমেৰী ৰংফাৰপীয়ে৷ এই ৰোগ ফাৰ্মৰ পৰা যাতে বিয়পিব নোৱাৰে তাৰ বাবেই এই ত্যাগ ৰ’জমেৰী ৰংফাৰপীৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply