গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত আফ্ৰিকান ছোৱাইন ফ্ল’ৰ আতংক। প্ৰশাসনৰ তৎপৰতাত কাড়িপাৰাৰ ঘৰে ঘৰে গাহৰি পালকৰ পৰা গাহৰি সংগ্ৰহ কৰি নিধন কৰিছে অৰ্ধ শতাধিক গাহৰি।
ইতিমধ্যে অঞ্চলটোৰ এখন গাহৰি ফাৰ্মত ৪৪ টা গাহৰি মৃত্যু হোৱাৰ পিছত পশুপালন বিভাগে পৰীক্ষা কৰি ধৰা পেলাইছিল আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপস্থিতি।
তাৰ পিছতে জিলা প্ৰশাসনৰ লগতে পশু চিকিৎসা বিভাগ তৎপৰ হৈ গোৰেশ্বৰৰ মকুন্দপুৰ কাড়িপাৰাত চলাই অভিযান।
আৰু পঢ়কঃতামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলে প্ৰমোদ বড়োৱে
আন আন অঞ্চল সমূহলৈ এই ভাইৰাছ যাতে সংক্ৰমিত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে জিলা পশুপালন বিভাগ ৷
উল্লেখ্য যে, আফ্ৰিকান ছোৱাইন ফিভাৰ উপস্থিতি ধৰা পৰাৰ পিছত বিভাগীয় বিষয়া প্ৰশাসন তথা পুলিচৰ উপস্থিতিতে একাংশ পশুপালকৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।
উপযুক্ত ক্ষতিপূৰণ তথা বেমাৰৰ সত্যতাক লৈ স্থানীয় লোকে প্ৰশ্নৰ উত্থাপন কৰে। স্থানীয় চক্ৰ বিষয়াৰ উপস্থিতি তথা বুজনিৰ পিছত অৱশ্যে ৰাইজে সহায় সহযোগিতা প্ৰদান কৰে। তথাপিও স্বাৱলম্বিতাৰ লক্ষ্যৰে গাহৰি পালন কৰা গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
গাহৰিৰ ওজনৰ ওপৰত ভিত্তি কৰি গাহৰিপালক সকলক ক্ষতিপূৰণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে গোৰেশ্বৰৰ চক্ৰ বিষয়া ককিলা গগৈয়ে।
অসম পশু পালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ডা০ দিলীপ ভূঞা, সহকাৰী সঞ্চালক পুলিন চন্দ্ৰ শৰ্মা, বিটিচি পশুচিকিৎসা বিভাগৰ সঞ্চালক আৰু সহকাৰী সঞ্চালক ক্ৰমে ডা০ জে পি দাস, পুলিন চন্দ্ৰ শৰ্মা, অসম গাহৰিপালন সহকাৰী সঞ্চালক ডা০ জগদীশ কলিতা, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কোকিলা গগৈৰ লগতে ভালেমান বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে।