জুলিমা ডেকা, গোৰেশ্বৰঃ গোৰেশ্বৰ বগামাটিত সংঘটিত হ’ল অঘটন। বনখোজ খাবলৈ গৈ বৰনদীত গা ধুবলৈ যোৱা এজন লোকক উটুৱাই নিলে কোৱাল সোঁতে। এই ঘটনা সংঘটিত হয় যোৱাকালি সন্ধিয়া প্ৰায় ৪ বজাত।
৭জন বন্ধুৰ সৈতে বনভোজ খাবলৈ আহিছিল লোকজন। তাৰপাছত ভাত খোৱাৰ পাছত গা ধুবলৈ যায় লোকজনে।কিন্তু নদীৰ সোঁতে উটুৱাই নিয়ে লোকজনক।
জানিব পৰা মতে, নিৰুদ্দেশ হোৱা লোকজন গোৰেশ্বৰৰ মহৰিপাৰাৰ থানেশ্বৰ বড়ো। ইফালে, ভাৰতীয় সেনাৰ জোৱানে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
কিন্তু বৰ্তমানলৈ পোৱা নাই কোনো শুংসূত্ৰ। লগতে ঘটনাস্থলীত উপস্থিত শুৱাগপুৰ আৰক্ষী, এছডিআৰএফ আৰু এনডিআৰএফৰ দল।