চন্দনপুৰ,গোলাঘাটঃ প্ৰতি বছৰে আহাৰ মাহৰ ১৫তাৰিখে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে কৃষিভিত্তিক উৎসৱ ‘আষাঢ় প’ন্দ্ৰা’ উদযাপন কৰি আহিছে। ‘দহি চিউৰা খানি দিন’ হিচাপেও পৰিচিত এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা গোৰ্খা সম্পদায়ৰ লোকসকলে পালন কৰে।

আষাঢ় প’ন্দ্ৰাৰ তাৎপর্য
অম্বুবাচীৰ পিছত গোৰ্খা সম্প্ৰদায়লোকসকলে আহাৰ মাহৰ ১৫ তাৰিখ অৰ্থাৎ ইংৰাজী ২৯-৩০ জুনত খেতিপথাৰত বীজ ৰোপণ কৰে। ইয়াকে তেওঁলোকে ‘আষাঢ় প’ন্দ্ৰা’ হিচাপে উদযাপন কৰে।

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী মহকুমাৰ অধীনৰ চন্দনপুৰৰ কৃষক গণেশ কুমাৰ দেৱানে কয় যে, “আষাঢ় প’ন্দ্ৰা ভূই ৰোপণৰ আৰম্ভণিৰ দিন। পম্পৰাগত নিয়ম অনুসৰি পুৰুষসকলে হালবাই দিয়ে আৰু মহিলাসকলে কঠীয়া ৰোপন কৰে। তাৰপিছত সকলোৱে খেতিডৰা উৎপাদন বৃদ্ধি হ’বলৈ কামনা কৰে। ভূই ৰোৱাৰ মাজতে পথাৰত ইজনে-সিজনৰ গালৈ বোকা চতিয়াই,পৰম্পৰাগত গীত গাই আনন্দ-উল্লাস কৰে।কৃষক সকলে কৃষিকাৰ্যৰ আৰম্ভণীতে হালবাওতে এবাৰ, কঠীয়া ৰোৱাৰ সময়ত এবাৰ আৰু কঠীয়া ৰুই হোৱাৰ পিছত এবাৰ মুঠতে তিনিবাৰ পথাৰত সেৱা প্ৰাৰ্থনা জনায়। ”
ইয়াৰ পিছতে সকলোৱে দৈ-চিৰা গ্ৰহণ কৰে। এই উৎসৱত চাউলৰ পৰা তৈয়াৰী বাঁহৰ চুঙাত এবিধ বিশেষ পানীয় প্ৰস্তুত কৰে। যাক Chyang’, ‘Tongba’ নামেৰে জনা যায়।
আনহাতে যিদিনা কৃষি ৰোপন কাৰ্যৰ অন্ত পৰিব সেইদিনা ঘৰলৈ অতিথি নিমন্ত্ৰণ কৰি সুস্বাদু খাদ্যৰে আপ্যায়ন কৰি গোৰ্খালোকসকলে উদযাপন কৰে। এই কাৰ্যসূচীক ‘মাইজাৰো’ (Maijaro) বুলি কোৱা হয়।
এই উৎসৱত দৈ-চিৰা খোৱাৰ পৰম্পৰা সন্দৰ্ভত পদুমপথাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ্ছ কোম্পানী লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ কুমাৰ লিম্বোৱে কয় যে, “ৰাতিপুৱা আহাৰত অসমত দৈ-চিৰা খোৱা প্ৰথা অতীজৰ পৰাই চলি আহিছে। চিৰা হৈছে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ মাজত এক মুখ্য খাদ্য, কিয়নো ই পাতল আৰু সহজে হজম হয়।”
লগতে লিম্বুৱে কয় যে দৈ-চিৰা কৃষকসকলে সুস্বাস্থ্যৰ বাবে গ্ৰহণ কৰে। আনহাতে যেতিয়া কোনো ভাল কামৰ শুভাৰম্ভণী কৰা হয় তেতিয়া দৈ-চিৰা খোৱাটো শুভ বুলি গণ্য কৰা হয়।