নিউজ ডেস্ক: ভয়াবহ ৰূপ ধাৰণ কৰা ‘ম’কা’ ঘূৰ্ণীবতাহৰ পাছতে এইবাৰ আহি আছে ‘বিপৰজয়’। বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেক কৰা মতে অহা ১২ ঘণ্টাৰ ভিতৰত ‘বিপাৰজয়’ ঘূৰ্ণীবতাহৰ ধুমুহা তীব্ৰতৰ হৈ পৰিব। বিশেষকৈ পূব-মধ্য আৰু কাষৰীয়া দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত অতি ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হ’ব ।

আই এম ডিয়ে এটা টুইটত কয় যে পূব-মধ্য আৰু সংলগ্ন দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত হোৱা ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহা ‘বিপৰজয়’ (BIPARJOY) যোৱা ৬ ঘণ্টাৰ ভিতৰত ঘণ্টাত ৫ কিলোমিটাৰ বেগত প্ৰায় উত্তৰ দিশলৈ গতি কৰিছিল আৰু অতি সোনকালে ই এক ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হৈছিল।

উল্লেখ্য যে দেশৰ বতৰৰ তাৰতম্যত ইয়াৰ প্ৰভাৱ পৰিব। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, পূব-মধ্য আৰু সংলগ্ন দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত ‘বিপাৰজয়’ ঘূৰ্ণীবতাহ উত্তৰ দিশলৈ স্থানান্তৰিত হৈ অহা কেইঘণ্টামানৰ ভিতৰত তীব্ৰ হৈ এই ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই ধুমুহাৰ বাবে বেয়া বতৰ হোৱাৰ লগতে অহা তিনি-চাৰি দিনত ঘণ্টাত ১৩৫-১৪৫ কিলোমিটাৰৰ পৰা গতিবেগ ১৬০ কিলোমিটাৰলৈ বৃদ্ধি পাব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply