গুৱাহাটী: ঢাক-ঢোল বজাই বহু হাজাৰ শিক্ষকক যোৱা ১৪ মে’ত অসম চৰকাৰে প্ৰদান কৰিলে নিযুক্তি। বহু উজৰ-আপত্তি আৰু সমালোচনাৰে শিক্ষক নিযুক্তিৰ একুৰি সমস্যা নিষ্পতি হ’লেও বৰ্তমানে স্থায়ী নিযুক্তিৰ পৰা বাদ পৰি আছে শতাধিক টেট উতীৰ্ণ দিব্যাংগ প্ৰাৰ্থী।
তথ্য মতে, প্ৰাথমিক শিক্ষাৰ মুঠ ৯৩৫৪টা স্থায়ী পদৰ বিপৰীতে উচ্চ প্ৰাথমিকৰ ১৪৯জন আৰু নিম্ন প্ৰাথমিকৰ ৫১৯জন দিব্যাংগ প্ৰাৰ্থী আছিল। টেট ফলাফলৰ পাছত যোৱা মাৰ্চ মাহত সকলো উত্তীৰ্ণ প্ৰাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ পুন:নিৰীক্ষণ কৰা হৈছিল। কিন্তু অজান প্ৰহেলিকাত প্ৰাৰ্থমিক শিক্ষা বিভাগে মুকলি কৰা ৪ৰ্থ মেধা তালিকালৈকে দিব্যাংগ প্ৰাৰ্থীসকলৰ ৰিমাৰ্ক উইথেল্ড (Withheld) হৈয়ে থাকিল।
পৰিতাপৰ বিষয় এয়াও যে- চূড়ান্ত মেধা তালিকাত তেওঁলোক অস্থায়ী ৰূপে নিৰ্বাচন (Provisionally Selected) হোৱাৰহে তালিকা মুকলি হ’ল। ফলত ১৪ মে’ত নিযুক্তিৰ পৰা তেওঁলোক বাদ পৰি থাকিল। শেষলৈ বিভিন্ন বিবৃতি প্ৰকাশৰ পাছত শিক্ষা মন্ত্ৰী ৰনুজ পেগুৱে ঘোষণা কৰাছিল যে- বহু ভুৱা দিব্যাংগ প্ৰাৰ্থীয়ে উক্ত পদসমূহৰ বাবে আবেদন কৰাৰ আপত্তি শিক্ষা বিভাগৰ দৃষ্টি গোচৰ হৈছে। সেয়ে বিভাগে পুনৰ মেডিকেল ব’ৰ্ড বহুৱাই উত্তীৰ্ণ সকলো প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা ল’ব আৰু অনতি পলমে নিযুক্তিৰ ব্যৱস্থা কৰিব।
সেই মৰ্মে প্ৰাথমিক শিক্ষা বিভাগে ১৯ মে’ ২০২২ তাৰিখে মুকলি কৰা জাননী নং EAA/SIU/125/2021/Pt-III/24 অনুযায়ী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২৩ৰ পৰা ২৮ মে’, ২০২২ তাৰিখলৈ উত্তীৰ্ণ দিব্যাংগ প্ৰাৰ্থীসকলৰ শাৰীৰিক পৰীক্ষা সম্পূৰ্ণ কৰা হয়। কিন্তু তাৰ পাছতো আজিকোপতি এইসকল প্ৰাৰ্থীৰ নিযুক্তিৰ কোনো জাননী শিক্ষা বিভাগে মুকলি নকৰিলে।
বৰ্তমানৰ বান পৰিস্থিতি আৰু অনেক বিভাগীয় ব্যস্ততাৰ অজুহাতত নিযুক্তি প্ৰক্ৰিয়া স্তব্ধ হৈ থাকিলেও বাকী সকলোধৰণৰ চৰকাৰী কামকাজ স্বাভাৱিকভাৱে ছলি থকা পৰিলক্ষিত হৈছে। এনে অৱস্থাত উচ্চ আৰু নিম্ন প্ৰাৰ্থমিক টেট উত্তীৰ্ণ আৰু মেডিকেল বৰ্ডত অৱতীৰ্ণ হোৱা দিব্যাংগ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিযুক্তিৰ প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ টানি অনুৰোধ জনাইছে।
লগতে বিষয়টোত মাননীয় মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী, শিক্ষা সচিবক সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰি অতি সোনকালে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ টেট উত্তীৰ্ণ দিব্যাংগ প্ৰাৰ্থীসকলে দাবী জনাইছে।