মাটিকঁঠাল আৰু নেমুটেঙাৰ পিছত এইবাৰ বহিঃ ৰাষ্ট্ৰলৈ কঁঠালৰ ৰপ্তানি কৰিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাই। ৰাজ্যখনৰ উদ্যানশস্য বিভাগৰ বিষয়াই জনোৱা মতে আজি ত্ৰিপুৰাৰ পৰা গ্ৰেট বৃটেইনলৈ প্ৰথমবাৰৰ বাবে কঁঠালৰ ৰপ্তানি কৰা হয়।

উদ্যানশস্য বিভাগৰ সঞ্চালক ড০ ফণিভুষণ জামাতিয়াই জনোৱা মতে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ ট্ৰেইন যোগে ৩৫০ টা কঁঠাল পঠোৱা হয়, শুকুৰবাৰে এই কঁঠালসমূহ দিল্লী হৈ গ্ৰেট বৃটেইনলৈ ৰপ্তানি কৰা হ’ব।

‘এই সংক্ৰান্তত আমি Agriculture and Processed Food Products Export Development Authority (APEDA)-ৰ পৰা ত্ৰিপুৰাৰ কঁঠাল ৰপ্তানি এক প্ৰস্তাৱ পাইছিলো। ইয়াৰ পিছতে গুৱাহাটীৰ Kiega Exims Pvt Ltd নামৰ এটা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰা হয়। তেওঁলোকে Krishi Sanyoga Agro Producer Co Ltd নামৰ আন এক প্ৰতিষ্ঠানৰ সহযোগত চেপাহীজালা জিলাৰ কৃষকৰ পৰা কঁঠালসমূহ নিয়াৰ ব্যৱস্থা কৰে,’ জামাতিয়াই কয়।

জামাতিয়াই জনোৱা মতে প্ৰতিটো কঁঠালৰ বিনিময়ত কৃষকসকল প্ৰতিষ্ঠানটোৰ ফালৰ পৰা ৩০ টকাকৈ দিয়া হয়।  তেওঁ কয়, ‘ত্ৰিপুৰাৰ কঁঠালৰ এক বিশেষ সোৱাদ আছে আৰু সেয়ে তেওঁলোকে আমাৰ কৃষকৰ পৰা ভৱিষ্যতে অধিক কঁঠাল ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।’

লগতে পঢ়ক : খেতিৰ টিপছ : জানক পেলনীয়া শাক-পাচলি কিদৰে পুনৰ ৰোব পাৰি

ত্ৰিপুৰাৰ কৃষি মন্ত্ৰী প্ৰাণজিৎ সিনহা ৰয়ে ৰাজ্যখনৰ পৰা ইংলেণ্ডলৈ কঁঠাল ৰপ্তানি সম্পৰ্কত আনন্দ প্ৰকাশ কৰি কয়- ইংলেণ্ডৰ লোকে এতিয়া ত্ৰিপুৰাৰ কঁঠালৰ মিঠা সোৱাদ উপভোগ কৰিব। ৰাজ্যখনৰ খেতিয়ক আৰু কৃষি বিভাগক অভিনন্দন জনাই তেওঁ এক টুইট দিয়ে।

ইয়াৰ পূৰ্বে ২০১৯ চনত, ত্ৰিপুৰাই ডুবাই চহৰৰ লগতে মধ্যপ্ৰাচ্যৰ বিভিন্ন ঠাইলৈ মাঠিকঁঠালৰ ৰপ্তানি কৰিছিল। উল্লেখযোগ্য যে ৰাজ্যখনত তিনিটা প্ৰজাতিৰ মাঠিকঁঠাল পোৱা যায় আৰু এইবিলাকৰ যথেষ্ট চাহিদা আছে।

ৰাজ্যকনৰ উদ্যানসশ্য বিভাগৰ তথ্য মতে, ত্ৰিপুৰাত ৪,৪০০ হেক্টৰ ভূমিত মাটিকঁঠালৰ খেতি কৰা হয় আৰু ইয়াৰ সৈতে প্ৰায় ৪,০০০ গৰাকী কৃষক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply