পংকজ মজুমদাৰ

আজিৰ যুৱচামৰ মাজত চাকৰিৰ প্ৰতি বাট চাই ৰৈ নাথাকি নিজাববীয়াকৈ এক ব্যৱসায় আৰম্ভ কৰাৰ আগ্ৰহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। যোৱা কিছু বছৰত অসমতো বহু কেইটা নতুন ‘ষ্টাৰ্ট-আপ’ আৰম্ভ হৈছে। অৱশ্যে প্ৰত্যাহ্বানেৰে ভৰা এই ক্ষেত্ৰখনত খুব কম সংখ্যকেহে হয়তো ভবাৰ দৰে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে।

তেনে এটা নাম হৈছে পংকজ মজুমদাৰ। দুটাকৈ ‘ষ্টাৰ্ট-আপ’ কোম্পানিৰ সহ প্ৰতিষ্ঠাতা অসমৰ এইগৰাকী যুৱ উদ্যোগীয়ে নিজৰ সৃজনশীল মন আৰু কঠোৰ পৰিশ্ৰমৰ বলত ব্যৱসায়ৰ জগতত সবল খোজ পেলাবলৈ সক্ষম হৈছে। পংকজ হৈছে টেলিকম ষ্টাৰ্ট-আপ ‘WisTech’ আৰু হেল্থ-টেক ষ্টাৰ্ট-আপ ‘Oxyfind’-ৰ সহ প্ৰতিষ্ঠাতা।

অৱশ্যে এই গৰাকী যুৱ উদ্যোগীৰ এই যাত্ৰা একে ৰাতিতে সম্ভৱ হৈ উঠা নাই। বহু উত্থান-পতন পাৰ হৈ আহি পংকজে আজিৰ এই স্থান পাইছে। তেওঁ কয়, ‘মোৰ এই যাত্ৰা বি টেক পঢ়ি থকাৰ দিনতে আৰম্ভ হৈছিল। বি টেকৰ চূড়ান্ত বৰ্ষত মই Wikibuy নামৰ এটা ৱেবছাইট খুলিছিলো। এইটো এটা সাধাৰণ ৱেবছাইট আছিল য’ত ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ আদান-প্ৰদান আৰু বেচা-কিনা কৰিব পাৰে। কিন্তু এইটো ভালদৰে নচলিল। মই সকলো আশা বাদ দি চাকৰি বিচৰাৰ কথাহে ভাবিছিলো।’

কিন্তু ইমান সহজে হাৰ মানিব নোখোজা পংকজে পুনৰ আন এটা ‘ষ্টাৰ্ট-আপ’ আৰম্ভ কৰিছিল যদিও তাতো বিফল হ’ব লগা হ’ল। ‘মোৰ মতে বিফল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু আমি হাৰ মানিব নালাগে। প্ৰতিটো বিফলতাই আমাক অভিজ্ঞ কৰি তোলে, গতিকে আমি বিফলতাক আঁকোৱালি ল’ব পাৰিব লাগিব,’ তেওঁ কয়।

দুবাৰকৈ বিফল হোৱাৰ পিছত পুনৰ তেওঁ লিটন ৰয় নামৰ এগৰাকী বন্ধুৰ সৈতে লগ লাগি ‘WisTech’ নামৰ এটা ষ্টাৰ্ট-আপ আৰম্ভ কৰে আৰু বৰ্তমান ইয়াৰ মুখ্য প্ৰযুক্তি বিষয়া (CTO)-ৰ দায়িত্বত আছে। এই ষ্টাৰ্ট আপটোৰ জৰিয়তে তেওঁলোকে উত্তৰ-পূবত হাই-স্পীড ইণ্টাৰ্নেট যোগানৰ কাম কৰে, লাগিলে সেয়া যিমানে ভিতৰুৱা আৰু দুৰ্গম অঞ্চল নহওক কিয়।

‘আমি যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া 3G নেটৱৰ্ক আছিল, হাই-স্পীড ইণ্টাৰ্নেট যথেষ্ট ব্যয়বহুল আৰু পাবলৈ সিমান সহজ নাছিল। আমি এই সমস্যাটো নাইকিয়া কৰাৰ কথা ভাবিছিলো আৰু এইদৰেই ‘WisTech’ আৰম্ভ হয়। আৰম্ভণিৰ দিনকেইটা সহজ নাছিল, প্ৰথম অৱস্থাত আমাৰ বহু কেইটা পৰিকল্পনা বেয়াকৈ বিফল হৈছিল,’ তেওঁ কয়।

লগতে পঢ়ক : বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই

ভাৰতত টেলিকমিউনিকেচনৰ এখন বৃহৎ বজাৰ থকাৰ পিছতো কেনেদৰে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে বুলি প্ৰশ্ন কৰাত তেওঁ জনাই, ‘আমি একেবাৰে আৰম্ভণিৰ পৰা প্ৰজেক্ট সম্পুৰ্ণ হোৱালৈকে ‘ফুল প্যেকেজ ছলিউশ্যন’ আগবঢ়াও। আপুনি যদি নিজৰ ঠাইত এটা ব্ৰডবেণ্ড ইণ্টাৰ্নেট সেৱা আৰম্ভ কৰিব খুজিছে আমি আপোনাক, প্ৰযুক্তি, প্ৰশিক্ষণ, ডিভাইচ কনচালটেশ্যন আদি সকলো সহায় আগবঢ়াম। সকলো হৈ উঠাৰ পিছতহে আমি আপোনাৰ হাতত প্ৰজেক্টটো তুলি দিম।’

এগাৰকী সফল যুৱ উদ্যোগী পংকজে জানিবলৈ দিয়া মতে যোৱা বিত্তীয় বৰ্ষত ‘WisTech’ৰ টাৰ্ন অ’ভাৰ আছিল ২০ লাখ টকা।  

‘WisTech’-ৰ সফলতাৰ সমান্তৰালভাৱে, নৱজ্যোতি দাস আৰু বাপন বিশ্বাস নামৰ আন দুজন সহযোগীৰ সৈতে মিলি পংকজে ‘Oxyfind’ নামৰ এক হেল্থ-টেক ষ্টাৰ্ট-আপ আৰম্ভ কৰিছে। উক্ত ষ্টাৰ্ট আপটোৰ উদ্দেশ্য হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI)-ৰ সহায়ত ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সকাহ আগবঢ়োৱা।

উক্ত ষ্টাৰ্ট-আপটো গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে Ministry of Electronics and Information Technology (MeitY) আৰু Calcutta Innovation Park (IIMCIP)-ৰ পৰা অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।

পংকজৰ মতে চিকিৎসা ক্ষেত্ৰত থকা বিভিন্ন সমস্যা আঁতৰ কৰাৰ উদ্দেশ্যে তেওঁলোকে এই ষ্টাৰ্ট-আপটো আৰম্ভ কৰিছিল।

‘ৰোগীসকলে যাতে নিজৰ ফোনৰ পৰা চিকিৎসকৰ সৈতে থকা এপইনমেণ্টৰ শ্লট ৰিয়েল-টাইমত ট্ৰেক কৰিব পাৰে তাৰ উদ্দেশ্যেৰে এই ষ্টাৰ্ট আপ আৰম্ভ কৰা হৈছে,’ তেওঁ কয়। এই ষ্টাৰ্ট-আপটোৰ বাবে তেওঁলোকে MeitY আৰু IIMCIP-ৰ পৰা ৪ লাখ টকাৰ এক অনুদান লাভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

ইংৰাজীত পঢ়ক : After repeated failures, this Assam entrepreneur is now walking the path of game-changers

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply