সুশান্তৰ পিছত কোন

নতুনকৈ ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছতো দলত হোৱা খহনীয়া ৰোধ কৰাত ৰিপুন বৰাৰ দৰেই ব্যৰ্থ হৈছে ভুপেন বৰা । দলক শক্তিশালী কৰিবলৈ নামি পৰাৰ সময়তে এজনৰ পিছত আনজন নেতা দল এৰি বিজেপিত যোগদান কৰিছে ।

নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ আগতে দলীয় প্ৰাৰ্থীসকলক হোটেলত আবদ্ধ কৰা নেতৃত্বই তিনিমাহ নৌহওতেই দুজনকৈ নিৰ্বাচিত বিধায়কে দল এৰি যোৱাৰ পিছত মুখচুপতিতে ব্যস্ত আছে ।
কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা বিধায়কৰ তালিকাখন এতিয়া দীঘলীয়া হ’বলৈ গৈ আছে ৷ মৰিয়নিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ তথা বিধায়ক পদ এৰি বিজেপিত যোগ দিয়াৰ পিছত বিধায়ক পদ এৰি বিজেপিলৈ আহিল থাওৰাৰ সুশান্ত বৰগোহাঁই ৷

ৰূপজ্যোতি-সুশান্তৰ পিছত আৰু কোন কংগ্ৰেছী বিধায়কে এৰিব দল । এতিয়া এই প্ৰশ্নই ব্যতিব্যস্ত কৰি ৰাখিছে কংগ্ৰেছ নেতৃত্বক ৷ এনে এক সময়তে ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে কংগ্ৰেছক দিলে আন এক বেয়া খবৰ ৷ ৰূপজ্যোতিয়ে ক’লে- “কংগ্ৰেছত খহনীয়া অব্যাহত থাকিব ৷

কংগ্ৰেছ এৰি আৰু এজন বিধায়ক আহিব বিজেপিলৈ ৷” কোন বিধায়ক আহিব সেই তথ্য অবশ্যে প্ৰকাশ নকৰিলে ৰূপজ্যোতি কুৰ্মীয়ে । দলৰ প্ৰাক্তণ বিধায়ক মাজুলীৰ ৰাজীব লোচন পেগুক দল এৰি নাজাবলৈ দলৰ বহু নেতাই বাহৰ পাতিছেগৈ মাজুলীত ।

আনহাতে ৰাজ্যত সঘনে সলনি হৈছে উপ-নিৰ্বাচনৰ অংক। বাঢ়িছে উপ-নিৰ্বাচন হ’বলগীয়া সমষ্টিৰ সংখ্যা। মহাজোঁট আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ অংক নিমিলিল। অকলেই উপ-নিৰ্বাচনত অংশ লোৱাৰ ঘোষণা ৰাণা গোস্বামীৰ। উজনিত কংগ্ৰেছে এটা সমষ্টিও জিকিব নোৱাৰে বুলি দাবী অখিল গগৈৰ। অসমত কংগ্ৰেছ শূন্য হ’ব বুলিও ভৱিষ্যদ্বাণী।

লগতে পঢ়ক বৰপেটাত বিদ্যুৎ বিভাগৰ ২১ লাখ টকা কেনেকৈ হেৰাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply