মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে গৰু সৰবৰাহ। উন্মুক্ত নদী পথ আৰু চৰাঞ্চলত থকা সীমান্তৰে প্ৰতিদিনে গৰু সৰবৰাহ হৈ আছে বাংলাদেশলৈ। বিগত কিছুদিন ধৰি আৰক্ষী আৰু বিএছএফৰ ধাৰাবাহিক অভিযানত প্ৰতিদিনে জব্দ হৈ আছে চোৰাং গৰু আৰু ম’হ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থাকৰ মাজতে হাটশিঙিমাৰীৰ সুখচৰ-বাংলাদেশ সীমান্তৰ পৰা পুনৰ জব্দ হৈছে ১২ টাকৈ পশুধন। ৪১ নং বেটেলিয়ানৰ বিএছএফৰ ডি কোম্পানীয়ে মহামায়া চৰৰ সীমান্তৰ পৰা জব্দ কৰিছে ৬ টাকৈ গৰু।

লগতে পঢ়ক : পুনৰ যোৱা ২৪ ঘণ্টাৰ ভিতৰত আক্রান্ত সংখ্যা ৩০ হাজাৰতকৈ অধিক

আনহাতে ৪১ নং বেটেলিয়ান বিএছএফৰ এ কোম্পানীয়ে হাতিৰচৰ বিএছএফ কেম্প এলেকাৰ পৰা জব্দ কৰিছে ৬ টা ম’হ। জব্দকৃত এই ৬ টা গৰু আৰু ৬ টা ম’হসহ মুঠ ১২ টা পশুধন বিএছএফে সুখচৰ আৰক্ষীৰ হাতত গতাই দিয়ে। গৰু সৰবৰাহকাৰী চক্ৰই গৰু আৰু ম’হ কেইটা বাংলাদেশলৈ চালনা কৰি থকা অৱস্থাত বিএছএফে দুটা পৃথক অভিয়ান চলাই গৰু আৰু ম’হ কেইটা জব্দ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply