বাক্সা : বিগত কিছুদিন ধৰি ৰাজ্যত সংঘটিত হৈ আছে এটাৰ পিছত আনটো ধর্ষণকাণ্ড। মহিলা, যুৱতী আৰু কিশোৰী সকলৰ বাবে ক্ৰমাৎ অসুৰক্ষিত হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ। কিছুদিন পূৰ্বে কোকৰাঝাৰ জিলাত দুগৰাকী কিশোৰীক ধর্ষণ কৰি হত্যা, ইয়াৰ পিছতে মৰিগাঁও জিলাত এগৰাকী ৯ বছৰীয়া শিশু কন্যাই ধৰ্ষণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল বাক্সাত।

বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে এক লজ্জাজনক অমানৱীয় জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা। পখিলা খেদা বয়সতে এগৰাকী ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰিলে ব্ৰজেন কলিতা নামৰ এজন লোকে। ৯ বছৰীয়া কন্যা শিশুটি পুখুৰীত মাছ মাৰিবলৈ যাওঁতে ব্ৰজেন কলিতাই সংঘটিত কৰে এই জঘন্যকাণ্ড। লাহৰিঘাতৰ ভুৰাগাঁৱৰ ৯ বছৰীয়া শিশুৰ ধৰ্ষণৰ ঘটনাই সমগ্ৰ অসম তোলপাৰ লগাই থকা অৱস্থাত বাক্সা জিলাৰ তামুলপুৰৰ ঝাৰগাৱত সংঘটিত এই অমানৱীয় ধর্ষণকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : জামুগুৰিহাটত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা জাক জাক বন্যহস্তীয়ে নস্ত কৰিলে খেতিপথাৰ

এই জঘন্য ঘটনা সংঘটিত হৈছে যোৱা ২৫ জুন তাৰিখে। জানিব পৰা মতে এই ঘটনা সন্দৰ্ভত দেওবাৰে নিশা ভুক্তভোগী কন্যা শিশুটিৰ অভিভাৱকে তামুলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। ভুক্তভুগি কন্যা শিশুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে ধর্ষণকাৰী ব্ৰজেন কলিতাক নিশাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পুখুৰীত মাছ মাৰিবলৈ যাওঁতে ঘৰৰে ওচৰৰ ব্ৰজেন কলিতা নামৰ লোকজনে কন্যা শিশুটিক পুখুৰীৰ পাৰত ধর্ষণ কৰে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply