গুৱাহাটী : শাৰদীয় উৎসৱৰ বতৰৰ মাজতে উদ্বেগজনক খবৰ। বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে মুঠ ২০৭ জন লোক।
শাৰদীয় উৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত ২০৭ জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। মুঠ ১৩,৫৪৮ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল দিনটোত।
লগতে পঢ়ক : আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ আৰক্ষীৰ জালত চাৰি যুৱক
সেই অনুসৰি ৰাজ্যত পজিটিভিটিৰ হাৰ ১. ৫৩ শতাংশ। বুধবাৰৰ দিনটোত এই সংখ্যা আছিল ০.৮৫ শতাংশ। মাত্ৰ এটা দিনৰ পিছতেই এইদৰে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাটো উদ্বেগজনক।