আজাৰা : ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহ। দক্ষিণ কামৰূপৰ কুলশীৰ টিয়ামাৰীত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। বনৰীয়া হাতীটোৰ কি কাৰণত মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

কিছুদিন পূৰ্বে নগাঁৱত উদ্ধাৰ হৈছিল ১৮ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। হাতী কেইটাৰ মৃত্যুৰ কাৰণ বজ্ৰপাত বুলি ধাৰণা কৰা হৈছিল যদিও বর্তমানলৈকে হাতী কেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। ১৮ টাকৈ বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছিল সমগ্ৰ বিশ্ব।

নগাঁওত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটনাই বন্যপ্ৰাণী প্ৰেমী সকলৰ লগতে বিশ্ববাসীৰ বুকু কঁপাই যোৱা ঘটনা মাৰ নাযাওঁতে পুনৰ এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে। দক্ষিণ কামৰূপৰ কুলশীৰ টিয়ামাৰীত বৃহস্পতিবাৰে পুৱাৰ ভাগত পথাৰৰ সমীপত উদ্ধাৰ হয় এটা বনৰীয়া হাতীৰ মৃতদেহ।

লগতে পঢ়ক : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বাৰিষাৰ পূৰ্বে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া

পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত টিয়ামাৰীত উদ্ধাৰ হোৱা মতা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ৮ বছৰ বুলি অনুমান কৰা হৈছে। ৰহস্যজনকভাৱে পথাৰৰ সমীপত উদ্ধাৰ হোৱা এই হাতীটোৰ কি কাৰণত মৃত্যু হ’ল সেয়া স্পষ্ট হোৱা নাই। ঘটনাস্থলীত বন বিভাগৰ চিকিৎসকৰ এটি দল উপস্থিত হৈ মৃত হাতীটো পৰ্যবেক্ষণ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰে। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply