গুৱাহাটী : মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানত জব্দ আইএছবিটি’ত জব্দ হয় ড্ৰাগছখিনি। এখন বাহনৰ পৰা জব্দ হয় ড্ৰাগছখিনি।

মহানগৰ আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আইএছবিটি’ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৫০ হাজাৰ ‘য়াবা’ টেবলেট।

আৰক্ষীয়ে জব্দ কৰা ‘য়াবা’ টেবলেটখিনিৰ বজাৰ মূল্য ১ কোটি ৫০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।

লগতে পঢ়ক : গাড়ীৰ খুন্দাত নিহত নাহৰফুটুকী বাঘ

আৰক্ষীয়ে ড্ৰাগছখিনি সৰবৰাহৰ সন্দেহত মহম্মদ চালামুদ্দিন নামৰ এজন যুৱকক আটক কৰিছে। ড্ৰাগছখিনি মণিপুৰৰ পৰা অনা হৈছিল বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply