বোকাজান : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰে পূজাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে দুই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক আটক কৰে।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্মৰ লগতে মৃদুল ৰুদ্ৰ পল, চৰণ মোহন চেতিয়া আৰু নিতুল শইকীয়াসহ আৰক্ষীৰ এটা দলে খটখটি এছ বি আই শাখাৰ সন্মুখৰ এখন নৈশ বাছৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে ডিমাপুৰৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এনএল-০৭-বি-০৩৯৯ নম্বৰৰ এখন যাত্ৰীবাহী বাছত পোন্ধৰটা চাবোনৰ বাকচত প্ৰায় ১৮৬.৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ লুকুৱাই আনিছিল।

খটখটি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজম মণিপুৰৰ সেনাপতি জিলাৰ ডি ললী আৰু ডিমাপুৰৰ টেপ্নু ৰিটো বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে। ইফালে যোৰহাটত যোৰহাট আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ চাৰিজন ড্ৰাগছ আসক্ত যুৱকক৷

লগতে পঢ়ক : জ’নেল কাৰ্বি যুৱ মহোৎসৱ উদযাপন

যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলা অভিযানত যোৰহাট বৰিগাঁৱৰ পৰা আটক হয় যুৱককেইজন৷ জনাৰ্দন দাস, বিৰাজ দাস, চিন্টু দাস আৰু দীপাংকৰ দাস নামৰ ড্ৰাগছ আসক্ত যুৱক চাৰিজনক আটক কৰে যোৰহাট আৰক্ষীয়ে৷ ইয়াৰে জনাৰ্দন দাস নামৰ যুৱকজন পূৰ্বেও ড্ৰাগছৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হৈছিল৷ জিলাখনত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া মামণি হাজৰিকাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply